প্ৰেমৰ প্ৰস্তাৱ প্ৰত্যাখ্যান কৰাৰ বাবেই ৰাজহুৱা স্থানতে যুৱতীক ছুৰীকাঘাত কৰি হত্যা কৰি নিজেও বিহপান কৰি আত্মহত্যা কৰিলে যুৱকে। উত্তৰ প্ৰদেশৰ বিলহোৰৰ ৰানা গাঁৱত সংঘটিত এই ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে সমগ্ৰ অঞ্চলত। হত্যাকাণ্ড আৰু ৰহস্যজনক মৃত্যুৰ তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে।
আৰক্ষীৰ সূত্ৰ অনুসৰি সুৰেশ ওৰফে কৰণে (২৬) ২১ বছৰীয়া শ্বানো কাশ্যপক প্ৰেমৰ প্ৰস্তাৱ দিছিল। অৱশ্যে তেওঁ এই প্ৰস্তাৱ নাকচ কৰে যুৱতীগৰাকীয়ে। ইয়াৰ পিছতে গাঁৱৰ বাহিৰৰ ফ্লাই অভাৰৰ সমীপৰ পথত যুৱকজনে ছুৰীৰে আঘাত কৰি হত্যা কৰে যুৱতীগৰাকীক। জানিব পৰা মতে, যুৱতীগৰাকীক হত্যা কৰাৰ সময়ত তেওঁ ভিনিহিয়েক সনোজ কাশ্যপ আৰু ভতিজা ৰাজৰ সৈতে বাইকেৰে গৈ আছিল।
সেই সময়তে কৰণে তেওঁলোকৰ বাইকৰ সন্মুখত থিয় হৈ সনোজ আৰু ৰাজৰ সন্মুখতে শ্বানোৰ হাত, ডিঙি আৰু মূৰত ছুৰীৰে আঘাত কৰি নিৰ্মমভাৱে হত্যা কৰে।
এঘণ্টাৰ পিছত অপৰাধস্থলীৰ পৰা ১০ কিলোমিটাৰ নিলগত অচেতন অৱস্থাত উদ্ধাৰ হয় সুৰেশক। লালা লাজপত ৰায় হাস্পতালত ভৰ্তি হোৱাৰ সময়ত চিকিৎসকে সুৰেশে বিহ সেৱন কৰা বুলি কয়। পিছত চিকিৎসালয়ত চিকিৎসাধীন অৱস্থাত যুৱকজনৰ মৃত্যু হয়। প্ৰাথমিক তদন্ত অনুসৰি যুৱকজনে প্ৰেমত প্ৰত্যাখ্যান কৰি যুৱতীগৰাকীক হত্যা কৰে। পিছত তেওঁ আত্মহত্যা কৰে।