মহানগৰীৰ দীপৰ বিলৰ দাঁতিয়েদি যোৱা আজাৰা – কামাখ্যা সংযোগী ৰেলপথৰ ঠাইবিশেকে বিগত দিনকেইটাত বনৰীয়া হাতীয়ে বিচৰণ কৰি থকাত অঞ্চলটোৰ ৰাইজ শংকিত হৈ পৰিছে । জানিব পৰা মতে শুকুৰবাৰে নিশাও কাষৰীয়া ৰাণী বনাঞ্চলৰ পাহাৰৰ পৰা এটা হাতীৰ জাক ৰেলপথ পাৰ হৈ দীপৰ বিলত খাদ্যৰ সন্ধানত নামি যায় । কিন্তু শনিবাৰে পুৱতি নিশা জাকটো উভতি যোৱাৰ সময়ত তাৰ এটা দঁতাল হাতী ৰৈ যায় । পুৱালৈ হাতীটো ৰেলপথৰ ওচৰৰে ঘূৰি থকাত অঞ্চলটোৰ ৰাইজৰ মাজত আতংকৰ সৃষ্টি হয় । অৱশ্যে দেশজুৰি কভিডৰ বাবে ৮০ শতাংশ ৰেলৰ চলাচল বন্ধ থকাত ৰেলক লৈ ৰাইজে চিন্তা কৰা নাছিল । কিন্তু কলিতাপৰা , মিকিৰপাৰাকে ধৰি দাঁতি কাষৰীয়া ৰাইজে আবাসীক অঞ্চলত হাতীটো সোমাই আহিব বুলি শংকিত হৈছিল । অৱশেষত দীপৰ বিল বন্যপ্ৰাণী অভয়াৰণ্যৰ কাৰ্য্যালয়ৰ বনাকৰ্মীৰ দলে হাতীটো পুৱা কিছু পলমকৈ হলেও পুনৰ পাহাৰলৈ খেদি পঠিয়াবলৈ সক্ষম হয় ।