নলবাৰী জিলাৰ ঘগ্ৰাপাৰ থানাৰ অন্তৰ্গত কেহেৰুৱা গাঁৱৰ পাগলাদিয়া নৈৰ পাৰত মৃতদেহ উদ্ধাৰক লৈ তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে। আৰক্ষীয়ে গাত খান্দি নৈৰ বালিচৰৰ পৰা উদ্ধাৰ কৰিবলৈ সক্ষম হয় কমলপুৰ মহাত্মা গান্ধী আদৰ্শ চিকিৎসালয়ত লেবৰটৰী টেকনিছিয়ান হিচাপে কৰ্মৰত এগৰাকী মহিলাৰ মৃতদেহ।
জানিব পৰা মতে, ৰঙিয়া থানাৰ অন্তৰ্গত উদিয়ানাৰ এগৰাকী বাদ্যযন্ত্ৰীৰ পত্নীয়ে বাইহাটা চাৰিআলিৰ বিহদিয়াৰ মাকৰ ঘৰৰ পৰা আহি থকা অৱস্থাত যোৱা ২৯ ছেপ্টেম্বৰৰ পৰা নিৰুদ্দেশ হৈ আছিল। মহিলাগৰাকীৰ নিৰুদ্দেশ সন্দৰ্ভত বাইহাটা চাৰিআলি আৰক্ষী থানা আৰু ৰঙিয়া থানাত দুখনকৈ এজাহাৰ দাখিল কৰিছিল যদিও আৰক্ষীয়ে মহিলাগৰাকীৰ সন্ধান উলিয়াবলৈ সক্ষম হোৱা নাছিল।
ইফালে এক গোপন খবৰৰ ভিত্তিত অভিযান চলাই ঘগ্ৰাপাৰ আৰক্ষীয়ে ঘগ্ৰাপাৰ আৰক্ষী থানাৰ অন্তৰ্গত মাজৰবৰীৰ জগদীশ দাস, কহাৰতোলাৰ চন্দন দাস আৰু কেহেৰুৱাৰ সঞ্জিত কলিতা নামৰ তিনিজনক আটক কৰি জেৰা চলাওঁতেই আৰক্ষীৰ সন্মুখত সকলো কথা স্বীকাৰ কৰে অভযুক্ত কেইজনে।
আৰক্ষীৰ জেৰাত অভিযুক্তকেইজনে স্বীকাৰ কৰা মতে, ২৯ ছেপ্টেম্বৰত দীৰ্ঘদিনীয়া চিনাকি মহিলাগৰাকীক ৰঙিয়াৰ পৰা মাতি আনি পূব নলবাৰী কলেজত হত্যা কৰি মৃতদেহতো কেহেৰুৱাত পাগলাদিয়া নদীৰ পাৰত পুতি থৈছিল। ইয়াৰ পিছতে আৰক্ষীয়ে নৈৰ বালিচৰত গাত খান্দি মহিলাগৰাকীৰ মৃতদেহটো উদ্ধাৰ কৰে। অধিক তথ্যৰ বাবে তিনি অভিযুক্তক মাৰাথান জেৰা অব্যাহত ৰাখিছে আৰক্ষীয়ে। ইফালে মৃতদেহটো মৰোণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হৈছে।