গুৱাহাটী প্ৰেছ ক্লাৱত মৰমী শৰ্মাৰ “আকাংক্ষা” উপন্যাস উন্মোচন

98

ঋতু পৰ্ণ শৰ্মা, নগাঁও : অসম আন্দোলন, আলফা-ছালফাৰ সংঘাত আৰু সেনা-বাহিনীৰ অভিযান আদিক উপজীব্য কৰি লিখা লেখিকা মৰমী শৰ্মাৰ ”আকাংক্ষা” নামৰ উপন্যাসখন দেওবাৰে গুৱাহাটী প্ৰেছ ক্লাৱত এক গাম্ভীৰ্যপূৰ্ণ পৰিৱেশত উন্মোচন কৰা হয় । বিশিষ্ট কথাশিল্পী দেবব্ৰত দাসে গ্ৰন্থখন উন্মোচন কৰি কয় যে শৰ্মাৰ উপন্যাসখনত নিশ্চয়কৈ অসমৰ এটা গুৰুত্বপূৰ্ণ সময়ৰ ইতিহাস প্ৰতিফলিত হ’ব । দাসে ঐতিহাসিক ঘটনাৰ আলমত লিখা উপন্যাসত সকলো দৃষ্টিকোণ সামৰিবলৈ লেখকসকলৰ প্ৰতি আহ্বান জনায় ।

অনুষ্ঠানত বিশিষ্ট ব্যক্তি হিচাপে উপস্থিত থাকি নলবাৰী জিলা সাহিত্য সভাৰ সভাপতি ধ্ৰুৱজ্যোতি শৰ্মাই কয় যে মৰমী শৰ্মাই ইতিবাচকভাবে লেখা- মেলা কৰি আহিছে আৰু এই উপন্যাসৰ জৰিয়তে তেওঁ ৰাইজৰ মাজলৈ অধিক সবল ৰূপত আগবাঢ়ি যাব বুলি তেওঁ বিশ্বাস কৰে। সভাত বিশিষ্ট সাংবাদিক বিদ্যুৎ কুমাৰ ভূঞা আৰু নলবাৰী জিলা লেখিকা সমাৰোহ সমিতিৰ সম্পাদিকা ড: কবিতা চৌধুৰীয়ে মৰমী শৰ্মাৰ এই গ্ৰন্থ ৰাইজে আদৰি ল’ব বুলি  আশা প্ৰকাশ কৰে।

উল্লেখ্য যে এই গ্ৰন্থখনৰ প্ৰকাশক হ’ল গুৱাহাটীৰ প্ৰজ্ঞা মিডিয়াহাইপ । ১৬৮ পৃষ্ঠাৰ কিতাপৰ মূল্য ১৬০টকা । অনুষ্ঠানত “প্ৰজ্ঞা মিডিয়াহাইপ”ৰ তৰফৰ হৈ উজ্জ্বল বৰাই কয় যে মৰমী শৰ্মাৰ গ্ৰন্থখন “সোঁতৰ বিপৰীতে” যোৱা বুলি তেওঁ বিশ্বাস কৰে আৰু সেয়ে ৰাইজৰ মৰমৰ অংশীদাৰ হ’ব বুলি আশাবাদী ।