গছ-গছনিৰ বাবে পুৱা ৪ বজাতে উঠে এগৰাকী অশীতিপৰ বৃদ্ধ, ছ’চিয়েল মিডিয়াত হৈছে ভাইৰেল

92

ডিজিটেল ডেস্কঃ কিমান আৰু হত্যা, ধৰ্ষণ, লুণ্ঠনৰ বাতৰিবোৰকে চাই চাই দুখী হ’ব, আহক এটা ভাল খবৰ শ্বেয়াৰ কৰো। গছ থাকিলেহে মানুহ থাকিব। এই চিৰসতত্যাক স্বীকাৰ কৰি প্ৰতিদিনেই গছ-গছনিৰ প্ৰতিপালন কৰি আহিছে এগৰাকী অশীতিপৰ বৃদ্ধই। হাৰিয়ানাৰ গুৰুগ্ৰামৰ এইগৰাকী বৃদ্ধ সকলোৰে মাজত বাবা হিচাপেই পৰিচিত। বয়স ৯১ বছৰ।

শৰীৰ বুঢ়া হৈ অহাৰ লগে লগে দেহত লগ দিছে ইটো সিটো বহু বেমাৰ। কঁকালৰ বিষতো আক্ৰান্ত বাবা। কিন্তু তাৰ পিছতো গছ-গছনিৰ প্ৰতি থকা তেওঁৰ স্নেহ কোনোদিনেই কম হোৱা নাই। পুৱা ৪ বজাতে লাখুটি ডাল হাতত লৈ তেও এবাল্টি পানীৰ সৈতে উপস্থিত হয় ৰাষ্ট্ৰীয় ঘাইপথত। ঘাইপথৰ কাষে কাষে নতুনকৈ ৰোপণ কৰা গছপুলি সমূহত প্ৰতিদিনে পানী দি আহিছে বাবাই।

৯১ বৰ্ষীয় বাবাই নিস্বাৰ্থভাৱে কৰি অহা এই কামে এতিয়া ছ’চিয়েল মিডিয়াত লাভ কৰিছে ব্যাপক চৰ্চা। এঘণ্টাৰ ভিতৰতে লাখ লাখ মানুহে শ্বেয়াৰ কৰা বাবাৰ ভিডিঅ’টোত তেওঁৰ এখন হাতত দেখা গৈছে এটা পানীৰ মগ আৰু আনখন হাতত লাখুটি। বাৰ্ধক্যৰ অসুস্থতাকো নেওচি গছ-গছনিৰ বাবে নিজৰ দায়িত্ব পালন কৰি অহা বাবাৰ এই মহৎ কাৰ্য প্ৰশংসাৰে যোগ্য।

সঁচাই, ৯১ বছৰীয়া বাবাই বুজি পায় গছ থাকিলেহে মানুহ থাকিব। আপুনি বাৰু সেই কথা উপলব্ধি কৰে নে?