কৰ্ণাটকৰ বালাগৱিত ভক্তৰ বাহন দুৰ্ঘটনাগ্ৰস্ত, মহিলাসহ ৬ জনৰ মৃত্যু

97

কৰ্ণাটকৰ বালাগৱি জিলাত বৃহস্পতিবাৰে পুৱতি নিশা সংঘটিত এক ভয়ংকৰ দুৰ্ঘটনা।

দুৰ্ঘটনাত নিহত মহিলাসহ কমেও ৬ জন লোকৰ।

জিলাখনৰ চিঞ্চনুৰত পথৰ দাঁতিৰ গছত খুন্দা মাৰি বাগৰি পৰে ভক্তৰ বাহনখন।

জানিব পৰা মতে, জিলাখনৰ ৰামদুৰ্গ তালুকৰ হালকুণ্ড গাঁৱৰ ভক্তৰ এটা দলে সাৱদট্টিস্থিত ৰেণুকা য়াল্লাম্মা মন্দিৰলৈ গৈ থকা সময়তে সংঘটিত হয় দুৰ্ঘটনাটো।

নিহত সকলক হনুমাৱা (২৫), দীপা (৩১), সবিতা (১৭), সুপ্ৰিতা (১১), ইন্দ্ৰৱা (২৪) আৰু মাৰুতি (৪২) বুলি চিনাক্ত কৰা হৈছে।

ইফালে এই দুৰ্ঘটনাত গুৰুতৰভাৱে আহত আন ১৬ জনক স্থানীয় লোক আৰু আৰক্ষীয়ে উদ্ধাৰ কৰি হাস্পতাললৈ প্ৰেৰণ কৰে।

কৰ্ণাটকৰ জলসিঞ্চন মন্ত্ৰী গোবিন্দ কাৰ্জোলে দুৰ্ঘটনাটোত শোক ব্যক্ত কৰি নিহতৰ পৰিয়াললৈ ৫ লাখ টকাকৈ আৰ্থিক ক্ষতিপূৰণ প্ৰদানৰ ঘোষণা কৰিছে।