পৰীক্ষা পৰিষদৰ সভাপতিয়ে দিলে দুই লাখ
ষ্টাফৰিপোৰ্টাৰ, ৭ এপ্ৰিল:
সমগ্ৰ বিশ্বতে মানৱ জাতিৰ বাবে ভাবুকি হৈ পৰা কৰ’না মহামাৰীয়ে ভাৰতলৈও সংকট নমাই আনিছে। সম্প্ৰতি দেশত একৈশ দিনীয়া লক ডাউন অব্যাহত আছে যদিও নিতৌ এই ৰোগত আক্ৰান্তৰ সংখ্যা বৃদ্ধি পাইছে। এই দুৰ্যোগৰ সময়ত দেশৰ প্ৰধান মন্ত্ৰী আৰু মুখ্যমন্ত্ৰীৰ আহ্বান ক্ৰমে বিভিন্ন চৰকাৰী, বেচৰকাৰী, সামাজিক, ব্যক্তিগত অনুষ্ঠান-প্ৰতিষ্ঠানৰ লগতে ব্যক্তিগত ভাৱেও সকলোৱে যথাসাধ্য সহযোগিতা আগবঢ়াই দেশৰ এই দুৰ্যোগৰ সময়ত ৰাষ্ট্ৰভক্তিৰ উদাহৰণ দাঙি ধৰিছে। বিদ্যা ভাৰতী অখিল ভাৰতীয় শিক্ষা সংস্থানৰ সংবদ্ধ শিশু শিক্ষা সমিতি অসমে ১৯৭৯ চনৰে পৰা ৰাজ্যখনৰ বিভিন্ন স্থানত মাতৃভাষাৰ মাধ্যমৰ বিদ্যালয় স্থাপন কৰি শিক্ষাৰ ক্ষেত্ৰত সেৱা আগবঢ়াই আহিছে। সমিতিয়ে অসম চৰকাৰৰ আৰোগ্য নিধিলৈ এক লাখ এটকা আৰু প্ৰধান মন্ত্ৰী কেয়াৰ ফাণ্ডলৈ পঞ্চাশ হাজাৰ টকাৰ বৰঙণি আগবঢ়ায়।
উল্লেখ শিশু শিক্ষা সমিতি অসমৰ উপ সমিতি পৰীক্ষা পৰিষদৰ সভাপতি তথা অসম মাধ্যমিক শিক্ষা পৰিষদৰ অৱসৰ প্ৰাপ্ত শৈক্ষিক বিষয়া ডঃ আৰতি ভট্টাচাৰ্যই অসম আৰোগ্য নিধিলৈ ব্যক্তিগতভাৱে দুই লাখ টকাৰ বৰঙণি আগবঢ়ায় বুলি শিশু শিক্ষা সমিতি অসমৰ সাধাৰণ সম্পাদক কুলেন্দ্ৰ কুমাৰ ভাগৱতীয়ে জনায়।