নাৰ্কোটিক্স কণ্ট্ৰোল ব্যুৰো (এনচিবি)য়ে শনিবাৰে সন্ধিয়া মুম্বাইৰ পৰা গোৱা অভিমুখে গৈ থকা এখন ক্ৰুজত অভিযান চলাই ড্ৰাগছ পাৰ্টিৰ অভিযোগত ৩গৰাকী যুৱতীসহ ১২ জন লোকক আটক কৰে। এনচিবিয়ে আটক কৰাসকলৰ ভিতৰত আটাইতকৈ চৰ্চিত নাম হৈছে অভিনেতা শ্বাহৰুখ খানৰ পুত্ৰ আৰিয়ান খান। এনচিবিয়ে আৰিয়ানক জিম্মাত লৈ সোধা-পোছা কৰি আছে। এনচিবিৰ সূত্ৰৰ মতে, জেৰাত আৰিয়ান খানে অপেছাদাৰী হিচাপে ড্ৰাগছ সেৱনৰ কথা স্বীকাৰ কৰাৰ লগতে নিজৰ ভুলো মানি লৈছে।
খবৰ অনুসৰি চুপাৰষ্টাৰ শ্বাহৰুখ খানে তেওঁৰ পুত্ৰৰ জিম্মাক লৈ প্ৰসিদ্ধ অধিবক্তা সতীশ মানশিন্দেৰ কাষ চাপিছে। অৱশ্যে, বৰ্তমানলৈকে এই সন্দৰ্ভত এনচিবি বা শ্বাহৰুখ খানে আনুষ্ঠানিকভাৱে কোনো মন্তব্য কৰা নাই।
এনচিবিসূত্ৰৰ মতে, প্ৰাৰম্ভিক জেৰাত অভিনেতাজনৰ পুত্ৰই কয় যে তেওঁক কেৱল ক্ৰুজত ভিআইপি অতিথি হিচাপে মাতি অনা হৈছিল। তেওঁ আনকি অৱগত নাছিল যে ক্ৰুজত এটা ড্ৰাগ পাৰ্টি অনুষ্ঠিত হ’বলৈ গৈ আছে।