কোৰোনাৰ তৃতীয় লহৰ প্ৰতিৰোধৰ বাবে তৎপৰ মোডী চৰকাৰঃ সমগ্ৰ দেশত ১৫০০ অক্সিজেন প্লাণ্ট স্থাপনৰ নিৰ্দেশ

108

ডিজিটেল ডেস্কঃ কোৰোনাৰ তৃতীয় ঢৌ প্ৰতিৰোধৰ বাবে তৎপৰ হৈ পৰিছে মোডী চৰকাৰ। শুকুৰবাৰে কোৰোনাৰ তৃতীয় ঢৌ প্ৰতিৰোধ সম্পৰ্কে আলোচনাৰ বাবে স্বাস্থ্য বিভাগৰ উচ্চ পদস্থ বিষয়াসকলৰ সৈতে এখন বৈঠকত মিলিত হয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী। এই বৈঠকতে দেশৰ বিভিন্ন প্ৰান্তত ১৫০০ৰো অধিক পিএছই অক্সিজেন প্লাণ্ট স্থাপন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে প্ৰধানমন্ত্ৰী মোডীয়ে।

উল্লেখ্য যে, কোৰোনাৰ দ্বিতীয় লহৰৰ সময়ত বিভিন্ন হাস্পতালত অক্সিজেনৰ অভাৱ ঘটিছিল। যাৰ বাবে মৃত্যু ঘটিছিল বহু লোকৰ। কিন্তু তৃতীয় লহৰৰ সময়ত যাতে অক্সিজেনৰ অভাৱ নঘটে, তাৰ প্ৰতি সতৰ্ক হৈছে মোডী চৰকাৰ। দেশৰ বেলেগ বেলেগ স্থানত অক্সিজেন প্লাণ্টসমূহ স্থাপনৰ বাবে প্ৰধানমন্ত্ৰীয়ে বিভাগীয় বিষয়াসকলক নিৰ্দেশ প্ৰদন কৰিছে। আনহাতে অক্সিজেন প্লাণ্টৰ পৰিচালনা আৰু ৰক্ষণাবেক্ষণৰ বাবে স্বাস্থ্য কৰ্মীসকলক প্ৰয়োজনীয় প্ৰশিক্ষণ প্ৰদানৰো নিৰ্দেশ দিয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে।

কোৰোনাৰ দ্বিতীয় লহৰৰ সময়ত দেশৰ বিভিন্ন হাস্পতালত ঘটা অক্সিজেনৰ অভাৱক গুৰুত্ব সহকাৰে লৈ সমগ্ৰ দেশত ১৫শৰো অধিক পিএছই অক্সিজেন প্লাণ্ট স্থাপনৰ