কোৰোনাত আক্ৰান্ত অখিল গগৈৰ পত্নী-পুত্ৰ

85

কোভিড-১৯ত আক্ৰান্ত হৈছে ৰাইজৰ দলৰ সভাপতি তথা শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈৰ পত্নী আৰু পুত্ৰ।

শুকুৰবাৰে কৰা কোভিড পৰীক্ষাত অখিল গগৈৰ পত্নী গিতাশ্ৰী তামুলী আৰু পুত্ৰ নচিকেটাৰ ৰিজাল্ট পজিটিভ আহে।

আনহাতে ৰেপিড এন্টিজেন টেষ্টত অখিল গগৈৰ ৰিজাল্ট নিগেটিভ আহে যদিও আৰটিপিচিআৰ টেষ্টৰ ৰিজাল্ট আহিবলৈ এতিয়াও বাকী।

টুইটাৰত এটা ভিডিঅ’ শ্বেয়াৰ কৰি পত্নী আৰু পুত্ৰৰ কোভিড পজিটিভ হোৱাৰ বিষয়ে জানিবলৈ দিয়ে বিধায়কগৰাকীয়ে।

অখিল গগৈয়ে উল্লেখ কৰা মতে, বিহুৰ সময়ত তেওঁ ঘৰতেই আছিল। কিন্তু শুকুৰবাৰে পৰিয়ালৰ আটাইকেইজন সদস্যৰ গা কিছু বেয়া লগাত কোভিডৰ আশংকা কৰি টেষ্ট কৰে।

বৰ্তমান পত্নী আৰু পুত্ৰৰ সৈতে ঘৰতে আইশ্যলেট হৈ আছে বিধায়কগৰাকী।

কোভিডৰ আশংকাত তেওঁ পূৰ্ব নিৰ্ধাৰিত সকলো কাৰ্যসূচী বাতিল কৰাৰ ঘোষণা কৰিছে।