ষ্টাফৰিপোৰ্টাৰ, ২১ মে’ : কোভিড-১৯ ত আক্ৰান্ত হোৱা ১৪ গৰাকী ৰোগীক কিছু সময়ৰ পূৰ্বে মহেন্দ্ৰ মোহন চৌধুৰী চিকিৎসালয়ত ভৰ্তি কৰা হৈছে ৷ ৰোগীসকলক চিকিৎসালয়ত ভৰ্তি কৰাৰ প্ৰক্ৰিয়া যাতে সুষমভাৱে হয় আৰু তেওঁলোকক যাৱতীয় কথা-বাৰ্তা বুজাই দিয়া হয় সেয়া সুনিশ্চিত কৰাৰ বাবে স্বাস্থ্য মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই নিয়মীয়া পৰিদৰ্শনৰ সৈতে সংগতি ৰাখি চিকিৎসালয়খনত উপস্থিত থাকে। ৰোগীৰ পৰিয়ালৰ সদস্যসকলক তেওঁলোকৰ সৈতে সহযোগিতা কৰিবলৈ মন্ত্ৰী গৰাকীয়ে আহ্বান জনায়৷
