কোকৰাঝাৰত আৰক্ষীৰ গুলীত আহত ২ গাঞ্জা সৰবৰাহকাৰী, কেইবালক্ষাধিক টকা মূল্যৰ গাঞ্জা জব্দ

91

শুকুৰবাৰে নিশা প্ৰায় ডেৰ বজাত অভিযান চলাই আৰক্ষীয়ে কোকৰাঝাৰৰ আলাংগীৰ ৩১নং ঘাইপথৰ পৰা প্ৰায় ৮৫ লাখ টকা মূল্যৰ গাঞ্জা জব্দ কৰিবলৈ সক্ষম হয়। ইফালে এই গাঞ্জা সৰবৰাহকাৰী ট্ৰাকখনৰ চালক আৰু হেন্দিমেন জনে আৰক্ষীক আক্ৰমণ কৰি ঘটনাস্থলীৰ পৰা পলায়নৰ চেষ্টা কৰাত আৰক্ষীয়ে গুলীবৰ্ষণ কৰে। যাৰ ফলত দুয়োজন লোক আহত হয়।

শনিবাৰে কোকৰাঝাৰৰ আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ত অনুষ্ঠিত সংবাদ মেলত এই সন্দৰ্ভত জানিবলৈ দি আইজিপি ড০ এল আৰ বিঞ্চৈয়ে কয় যে নিশা প্ৰায় ডেৰ বজাত আলাংগীৰ ৩১নং ৰাষ্ট্ৰীয় ঘাইপথত নিয়মীয়া তহলদাৰী আৰক্ষীয়ে ট্ৰাকখনত তালাচী চলায়। তালাচীৰ সময়ত ট্ৰাকখনৰ বনেটত লুকুৱাই অনা প্ৰায় ৮৫০ কেজি ওজনৰ গাঞ্জাখিনি জব্দ কৰে।

সেই সময়তে আৰক্ষীক আক্ৰমণ কৰি পলায়নৰ চেষ্টা কৰা ট্ৰাক চালক কাৰ্বি আংলং জিলাৰ লাহৰিজান নিৱাসী ৰহমত উল্লাহ আৰু সহকাৰী ৰাজস্থানৰ টুৰু জিলাৰ ৰমেশ কুমাৰে আৰক্ষীৰ ওপৰত আক্ৰমণ কৰি পলায়নৰ চেষ্টা কৰে যদিও আৰক্ষীৰ গুলীত আহত হয়। ট্ৰাকখন কাৰ্বিআংলং জিলাৰ লাহৰিজানৰ পৰা কোকৰাঝাৰ জিলাৰ একত্ৰিশ নং ৰাষ্ট্ৰীয় পথেদি শ্ৰীৰামপুৰ হৈ উত্তৰ প্ৰদেশৰ হাজিপুৰলৈ গৈ আছিল বুলি আৰক্ষীৰ শীৰ্ষ বিষয়াগৰাকীয়ে জানিবলৈ দিয়ে।