ষ্টাফৰিপৰ্টাৰ, ৩ জুন : জীৱ শ্ৰেষ্ঠ মানুহে নিষ্ঠুৰতাৰ সীমা অতিক্ৰম কৰাৰ পাছত এইবাৰ ভগৱানৰ দেশ হিচাপে পৰিগণিত কেৰেলাত সংঘটিত আন এক জঘন্য ঘটনাক কেন্দ্ৰ কৰি ছচিয়েল মিডিয়াত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।ইতিমধ্যে এই ঘটনা ছচিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে।বিভিন্নজনে এই কৰুণ আৰু নিষ্ঠুৰ ঘটনাক তীব্ৰ ভাষাৰে গৰিহণা দিছে। কাৰণ ভগবানৰ দেশতেই অতি নিদাৰুণ আৰু নিষ্ঠুৰভাৱে একাংশ জীৱশ্ৰেষ্ঠৰ হাততেই অসম্ভব যন্ত্ৰনাত মৃত্যুমুখত পৰিল এজনী গৰ্ভৱতী হাতী।উল্লেখ, হাতীজনীৰ প’ষ্টমৰ্টেম কৰাৰ সময়ত চিকিৎসক ডেভিদ আব্ৰাহমে কান্দি পেলাইছিল।এই সন্দৰ্ভত দুখ প্ৰকাশ কৰি কয় ,”আজিলৈকে মই ২৫০ৰো অধিক মৰণোত্তৰ পৰীক্ষা কৰিছো,কিন্তু এই হাতীজনীৰ মৰণোত্তৰ পৰীক্ষা কৰি মোৰ অন্তৰাত্মা কপি উঠিছিল।” ঘটনা অনুসৰি—দাক্ষিণাত্যৰ মালাপ্পুৰম জিলাত চাইলেণ্ট ভেলী ৰাষ্ট্ৰীয় উদ্যানৰ পৰা বনৰীয়া এজনী গৰ্ভৱতী হাতী খাদ্যৰ সন্ধানত জনাঞ্চলত প্ৰৱেশ কৰিছিল। কিন্তু কেইজনমান উদণ্ড লোকে মাটি কঁঠালৰ ভিতৰত ফটকা-ব’ম সোমোৱাই গৰ্ভৱতী হাতীজনীক খাবলৈ দিলে। এনে কাম কৰাৰ পিছত ফটকাসমূহ হাতীজনীৰ মুখতে বিস্ফোৰণ ঘটে। বিস্ফোৰণত হাতীজনীৰ মুখ আৰু জিভা চূৰ্ণ-বিচূৰ্ণ হৈ পৰিছিল। তীব্র যন্ত্ৰণাত ভুগি হাতীজনীয়ে প্ৰথমে গোটেই গাঁওখন দৌৰি ফুৰিলে অথচ কোনো মানুহক আক্ৰমণ নকৰিলে। উপায়হীন হৈ হাতীজনী ভেলিয়াৰ নদীত নামি পৰি নদীত শুৰ ডাল জুবুৰিয়াই দিছিল।কিন্তু অৱশেষত যন্ত্ৰণাৰে যুঁজি-যুঁজি নদীৰ বুকুত থিয় হৈয়ে মৃত্যুক সাৱটিলে গৰ্ভৱতী হাতীজনীয়ে।বিখ্যাত উদ্যোগপতি ৰতন টাটাইও এই ঘটনাৰ উচিত তদন্ত বিচাৰিছে।
Latest article
জিন্দাল (ইণ্ডিয়া) লিমিটেডে অসমৰ আৱৰণযুক্ত তীখা খণ্ডত দখল কৰিছে ৩০ শতাংশ বজাৰ অংশীদাৰিত্ব
জিন্দাল (ইণ্ডিয়া) লিমিটেডে অসমৰ আৱৰণ যুক্ত ষ্টীল শাখাত প্ৰায় ৩০ শতাংশ অংশ দখল কৰি সৰ্বভাৰতীয় বজাৰত উপস্থিতি অধিক শক্তিশালী কৰিছে। একাধিক ষ্টীল প্ৰডাক্টৰ শিতানত...
ইণ্ডিয়া য়ুথ কাউন্সিলৰ শুভাৰম্ভণিৰ বাবে জেন গুডঅল ইনষ্টিটিউটক সমৰ্থন গড্ৰেজ ইণ্ডাষ্ট্ৰীজৰ
গড্ৰেজ ইণ্ডাষ্ট্ৰীজ গ্ৰুপে জেন গুডঅল ইনষ্টিটিউট (জেজিআই) ইণ্ডিয়াৰ সৈতে অংশীদাৰিত্ব কৰি যুৱ ৰূপান্তৰকাৰীসকলক সবলীকৰণৰ মঞ্চ য়ুথ কাউঞ্চিল প্ৰগ্ৰাম আৰম্ভ কৰিছে। জেজিআইৰ বিশ্বব্যাপী ৰুটছ এণ্ড...
ভৰতপুৰ কৌশল মহোৎসৱত চাকৰি নিশ্চিত হ’ল ২৪০০ৰো অধিক যুৱক-যুৱতীৰ
দক্ষতা বিকাশ আৰু উদ্যমিতা মন্ত্ৰালয়ৰ অধীনত ৰাষ্ট্ৰীয় দক্ষতা বিকাশ নিগম(এনএচডিচি)ৰ দ্বাৰা আয়োজিত ভৰতপুৰ কৌশল মহোৎসৱ দেশৰ বিভিন্ন খণ্ডৰ শীৰ্ষ নিয়োগকৰ্তাৰ পৰা ২৪০০ৰো অধিক যুৱক-যুৱতীয়ে...