কেৰালাৰ ৱায়নাড়ত ভয়ংকৰ ভূমিস্খলন

75

কেৰালাৰ ৱায়নাড়ত ভয়ংকৰ ভূমিস্খলন, ১৯জনকৈ লোকৰ মৃত্যু! এতিয়াও শ-শ লোক আবদ্ধ হৈ থকাৰ সন্দেহ! কেৰালাৰ ৱায়নাড়ত ভয়ংকৰ ভূমিস্খলন। ১৯ জন লোকৰ মৃত্যু হোৱা বুলি জানিব পৰা গৈছে। ধাৰাসাৰ বৰষুণৰ মাজতে কেৰালাৰ ৱায়নাড়ত প্ৰাণনাশী ভূমিস্খলন। কেৰালাৰ ৱায়নাড়ত বান-ভূমিস্খলনে ভাঙি নিলে এখন দলং। যোগাযোগ বিচ্ছিন্ন ৪০০ শতাধিক পৰিয়াল। দুখন হেলিকপ্তাৰৰে চলাই আছে উদ্ধাৰ অভিযান। এতিয়াও বহুলোক আবদ্ধ হৈ আছে ভূমিস্খলন হোৱা অঞ্চলসমূহত। উদ্ধাৰকাৰী দলে নিৰন্তৰ অভিযান চলাই আছে আবদ্ধ লোকসকলক উদ্ধাৰৰ বাবে। প্ৰতিকূল বতৰৰ বাবে উদ্ধাৰ অভিযানত কিছু সমস্যাৰ সৃষ্টি হৈছে।