কেৰকেৰ ঘাটত লখিমপুৰ জিলা প্ৰশাসনে আদৰণি জনালে বিদেশী পৰ্যটকক

74

কেৰকেৰ ঘাটত লখিমপুৰ জিলা প্ৰশাসনে আদৰণি জনালে বিদেশী পৰ্যটকক। ৰিভাৰ ক্ৰুজ গংগা বিলাস” ত অহা ছুইজাৰলেণ্ডৰ ২৭ জন আৰু জাৰ্মানিৰ এজন পৰ্য্যটকে আহি পৰিদৰ্শন কৰিলে লখিমপুৰ জিলাৰ নাৰায়ণপুৰৰ সোৱণশিৰি মুখৰ কেৰকেৰ ঘাটৰ মিছিং জনগোষ্ঠীৰ কৃষ্টি-সংস্কৃতি।জনগোষ্ঠীটোৰ পৰম্পৰাগত খাদ্য গ্ৰহণ কৰি আপ্লুত পৰ্যটক দলটো।পৰ্যটকৰ দলটোক ব্যাপক ভাবে আদৰ সম্ভাষণ জনালে লখিমপুৰ জিলা প্ৰশাসনে।লখিমপুৰ জিলা প্ৰশাসনে আয়োজন কৰা বিভিন্ন অসমীয়া সাজ পাৰ তথা মিছিং গাভৰুৰ ঐনিতম,গায়ন বায়ন,বিহু নৃত্য প্ৰদৰ্শণী চাই আপ্লুত হৈ পৰে পৰ্যটক সকলে। পৰ্যটক সকলে অসমলৈ আহি বহুত আনন্দিত বুলি সাংবাদিকৰ আগত মন্তব্য কৰে। আনহাতে মিছিং গাভৰুৰ বিহু নাচ দেখি নিজকে ধৰি ৰাখিব নোৱাৰি বিহু নাচৰ তালে তালে ককাল ভাঙিলে কেইবাগৰাকীও বিদেশী পৰ্যটকে।