ষ্টাফৰিপোৰ্টাৰ, ২০ এপ্ৰিল : আজি অসম চৰকাৰৰ কৃষি মন্ত্ৰী অতুল বৰাই দৰংগিৰিৰ কল খেতি পৰিদৰ্শন কৰে। বিখ্যাত কল খেতিয়ক দেৱব্ৰত ৰাভাৰ সৈতে আলোচনা কৰি পামহি বজাৰত তেওঁলোকক কল বিক্রীৰবাবে এদোখৰ ঠাই দিব বুলি কয় লগতে উৎপাদিত কল বর্হিৰাজ্যলৈ পঠিয়াবৰ বাবে ক্ষীপ্ৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈও বিভাগীয় বিষয়াক নিৰ্দেশ দিয়ে। ইয়াৰ পিছত গোৱালপাৰা উপায়ুক্তৰ কাৰ্যালয় সভাকক্ষত উপস্থিত হৈ জিলা প্ৰশাসন আৰু বিভাগীয় বিষয়াসকলৰ সৈতে সামগ্ৰিক পৰিস্থিতিৰ বিষয়ে বিতং আলোচনা কৰে । গাখীৰৰ লগতে মাংস আৰু পাচলি যাতে ৰাইজে পোৱাত অসুবিধা নহয় প্ৰশাসনক তাৰ ব্যৱস্থা কৰিবলৈ দিয়ে। কৃষি সা সঁজুলি, সাৰ, পশু দৰৱ , পশু খাদ্য আদিৰ যাতে অভাৱ নহয় তাৰ বাবে সম্পূৰ্ণ নজৰ ৰাখিব দিয়ে। পশু চিকিৎসক সকলক চিকিৎসালয়ত উপস্থিত থাকি জীৱ জন্তুৰ চিকিৎসা সেৱা আগবঢ়াই যাবৰ বাবে নিৰ্দেশ দিয়ে। একেদৰে বৰপেটা আৰু নলবাৰী জিলাৰ উপায়ুক্ত কাৰ্যালয়ত জিলা প্ৰশাসন আৰু বিভাগীয় বিষয়াসকলৰ সৈতে আলোচনাত মিলিত হয় আৰু জিলাখনৰ পৰিস্থিতিৰ বুজ লয়|ইয়াৰ উপৰিও সম্ভাব্য বানপানীৰ সময়ত যাতে খেতিয়ক, হাঁহ কুকুৰা পালক আৰু পশু পালক সকলে কোনো অসুবিধা নাপায় তাৰ বাবে আগতীয়া ব্যৱস্থা লোৱাৰো নিৰ্দেশ দিয়ে।লগতে কিছু সংখ্যক প্ৰগতিশীল খেতিয়কৰ লগত মত বিনিময় কৰি চৰকাৰৰ ফালৰ পৰা সকলো সা সুবিধাৰ প্ৰতিশ্ৰুতি দিয়ে আৰু তেওঁলোকৰ উৎপাদিত সামগ্ৰীৰ বিক্রীৰ সু ব্যৱস্থাৰ আশ্বাস দিয়ে।
Latest article
জিন্দাল (ইণ্ডিয়া) লিমিটেডে অসমৰ আৱৰণযুক্ত তীখা খণ্ডত দখল কৰিছে ৩০ শতাংশ বজাৰ অংশীদাৰিত্ব
জিন্দাল (ইণ্ডিয়া) লিমিটেডে অসমৰ আৱৰণ যুক্ত ষ্টীল শাখাত প্ৰায় ৩০ শতাংশ অংশ দখল কৰি সৰ্বভাৰতীয় বজাৰত উপস্থিতি অধিক শক্তিশালী কৰিছে। একাধিক ষ্টীল প্ৰডাক্টৰ শিতানত...
ইণ্ডিয়া য়ুথ কাউন্সিলৰ শুভাৰম্ভণিৰ বাবে জেন গুডঅল ইনষ্টিটিউটক সমৰ্থন গড্ৰেজ ইণ্ডাষ্ট্ৰীজৰ
গড্ৰেজ ইণ্ডাষ্ট্ৰীজ গ্ৰুপে জেন গুডঅল ইনষ্টিটিউট (জেজিআই) ইণ্ডিয়াৰ সৈতে অংশীদাৰিত্ব কৰি যুৱ ৰূপান্তৰকাৰীসকলক সবলীকৰণৰ মঞ্চ য়ুথ কাউঞ্চিল প্ৰগ্ৰাম আৰম্ভ কৰিছে। জেজিআইৰ বিশ্বব্যাপী ৰুটছ এণ্ড...
ভৰতপুৰ কৌশল মহোৎসৱত চাকৰি নিশ্চিত হ’ল ২৪০০ৰো অধিক যুৱক-যুৱতীৰ
দক্ষতা বিকাশ আৰু উদ্যমিতা মন্ত্ৰালয়ৰ অধীনত ৰাষ্ট্ৰীয় দক্ষতা বিকাশ নিগম(এনএচডিচি)ৰ দ্বাৰা আয়োজিত ভৰতপুৰ কৌশল মহোৎসৱ দেশৰ বিভিন্ন খণ্ডৰ শীৰ্ষ নিয়োগকৰ্তাৰ পৰা ২৪০০ৰো অধিক যুৱক-যুৱতীয়ে...