কুমাৰ ইঞ্জিনীয়াৰিঙক ইণ্টাৰ নেশ্যনেল চেণ্টাৰ ফ’ৰ অটোমেটিক টেকন’লজিৰ প্ৰমাণ পত্ৰ

92

গুৱাহাটী: গুৱাহাটীৰ পশ্চিম প্ৰান্তৰ ধাৰাপুৰৰ কুমাৰ ইঞ্জিনীয়াৰিঙৰ উদ্যোগত মহিলাকে ধৰি সকলো বয়সৰ কৃষকে ব্যৱহাৰ কৰিব পৰা আৰু অত্যাধুনিক প্ৰযুক্তিৰে নিৰ্মিত ডিজেল আৰু প্ৰেট্ৰ’ল চালিত দুটা মডেলৰ পাৱাৰ টিলাৰলৈ ভাৰত চৰকাৰৰ অটোমেটিক ৰিচাৰ্জ এচ’ছিয়েশ্যন অৱ ইণ্ডিয়া চমুকৈ “এ.আৰ.এ.আই”ৰ ফালৰ পৰা স্বীকৃতি প্ৰদান কৰা হৈছে।

এই সন্দৰ্ভত কুমাৰ ইঞ্জিনীয়াৰিংওৰ মুখ্য কাৰ্যবাহী বিষয়া কুমাৰ গৌৰৱে জানিবলৈ দিয়ামতে এ.আৰ.এ.আইয়ে কুমাৰ ইঞ্জিনীয়াৰিঙে থলুৱা কিন্তু অত্যাধুনিক প্ৰযুক্তিৰে নিৰ্মিত ইন্ধন ৰাহিকাৰক প্ৰেট্ৰ’ল চালিত ১৪ এইচ.পি (৮৮৮) আৰু ডিজেল চালিত ১৩ এইচ.পি (৮৮৮ জি) ক্ষমতাযুক্ত পাৱাৰ টিলাৰৰ দক্ষতা, সুৰক্ষা আদিৰ মান পৰীক্ষা কৰিছিল। পৰৱৰ্তী সময়ত হাৰিয়ানাৰ গুড়গাঁৱস্থিত ভাৰত চৰকাৰৰ ইণ্টাৰনেশ্যনেল চেণ্টাৰ ফ’ৰ অটোমেটিক বিশেষজ্ঞৰ দলেও কুমাৰ ইঞ্জিনীয়াৰিঙে নিৰ্মাণ কৰা দুয়োটা মডেলৰ পাৱাৰ টিলাৰৰ সকলো কাৰিকৰী দিশ তন্ন তন্নকৈ পৰীক্ষা কৰাৰ অন্তত যোৱা অক্টোবৰ মাহৰ শেষৰ ফালে প্ৰমাণ পত্ৰ প্ৰদান কৰে।

উল্লেখ্য যে, জালুকবাৰীৰ পৰা সাতমাইল সংযোগী গুৱাহাটী বিশ্ববিদ্যালয়ৰ বাইপাছত থকা কুমাৰ ইঞ্জিনীয়াৰিঙৰ শ্ব’ৰুমত পাৱাৰ টিলাৰ সমূহ বিক্ৰী আৰু প্ৰদৰ্শনীৰ ব্যৱস্থা কৰা হৈছে। মহিলাকে ধৰি যিকোনো বয়সৰ কৃষকে সহজতে ব্যৱহাৰ কৰিব পৰা এই পাৱাৰ টিলাৰৰ সহায়ত মাটি চহ কৰা, মৰাণ মৰা, ঘাঁহ কটা, ধান কটাৰ পৰা আৰম্ভ কৰি বাট পথৰ পকীকৰণ কৰাৰ পূৰ্বে শ্ৰমিকসকলে হাতত ঝাড়ু ব লৈ চাফ চিকুন কৰা কামো এই পাৱাৰ টিলাৰৰ সহায়ত অতি নিখুতভাৱে সম্পন্ন কৰিব পাৰিব বুলি কুমাৰ ইঞ্জিনীয়াৰিঙৰ মুখ্য কাৰ্যবাহী বিষয়া কুমাৰ গৌৰৱে জানিবলৈ দিয়ে।