কিংবদন্তি ফুটবল তাৰকা ডিয়েগ’ মাৰাডোনা আৰু নাই!

83

ডিজিটেল ডেস্ক: আৰ্জেন্টিনাৰ কিংবদন্তি ফুটবল তাৰকা ডিয়েগ’ মাৰাডোনাৰ বুধবাৰে হৃদৰোগত আক্ৰান্ত হৈ মৃত্যু ঘটে। ৬০বছৰীয়া ফুটবল তাৰকাগৰাকী কিছুদিন ধৰি অসুস্থ হৈ আছিল।

বিতৰ্ক আৰু সুখ্যাতিৰে বিশ্বৰ ফুটবল জগতত ইতিহাস ৰচনা কৰা ডিয়েগ’ মাৰাডোনাৰ মৃত্যুত ফুটবল প্ৰেমী আৰু তেওঁৰ অনুৰাগীসকল শোকবিহ্বল হৈ পৰিছে।