কাৰাৰুদ্ধ সন্ত্ৰাসবাদী বিট্টা কাৰাটেৰ পত্নীসহ ৪ জনক চাকৰিৰ পৰা বৰ্খাস্ত জম্মু-কাশ্মীৰ প্ৰশাসনৰ

242

অনেক কাশ্মীৰী পণ্ডিতৰ হত্যাৰ সৈতে জড়িত কাৰাবন্দী সন্ত্ৰাসবাদী বিট্টা কাৰাটেৰ পত্নী তথা কাশ্মীৰৰ প্ৰশাসনিক বিষয়া আসবাহ আৰজুমান্দ খান আৰু হিজবুল মুজাহিদীনৰ নেতা ছৈয়দ ছাল্লাহুদ্দিনৰ পুত্ৰৰ চাকৰিৰ পৰা বৰ্খাস্ত কৰিছে জম্মু-কাশ্মীৰ প্ৰশাসনে।

ৰাজ্যপাল মনোজ সিনহাৰ নিৰ্দেশমৰ্মে আসবাহ আৰজুমান্দ খান আৰু হিজবুল মুজাহিদীনৰ নেতা ছৈয়দ ছাল্লাহুদ্দিনৰ পুত্ৰসহ চাৰিজন চৰকাৰী বিষয়া-কৰ্মচাৰীক শনিবাৰে বৰ্খাস্ত কৰে প্ৰশাসনে।

এক চৰকাৰী বিজ্ঞপ্তি অনুসৰি, এই চৰকাৰী কৰ্মচাৰী সকলৰ ওপৰত চোৰাং চোৱাই নজৰ ৰখাৰ পিছত তেওঁলোকৰ কাৰ্যকলাপক লৈ সন্দেহ ঘণীভূত হৈছিল। জম্মু-কাশ্মীৰৰ নিৰাপত্তা বিঘ্নিত কৰাৰ ক্ষেত্ৰত তেওঁলোকৰ বিৰুদ্ধে তথ্য-প্ৰমাণ লাভ কৰাৰ পিছতে চাকৰিৰ পৰা বৰ্খাস্ত কৰা হয়।

উল্লেখযোগ্য যে, কেইবাগৰাকীও কাশ্মীৰী পণ্ডিতক হত্যা কৰা বুলি ৰাজহুৱাভাৱে স্বীকাৰ কৰা দুৰ্ধৰ্ষ সন্ত্ৰাসবাদী বিট্টা কাৰাটেৰ সৈতে বিবাহ পাশত আৱদ্ধ হোৱাটো এক সন্মানৰ বিষয় বুলি মন্তব্য কৰিছিল তেওঁৰ পত্নী আসবাহ খানে।

প্ৰণিধানযোগ্য যে, ১৯৯১ চনত এক সাক্ষাৎকাৰত কাৰাটেয়ে স্বীকাৰ কৰিছিল যে তেওঁ ২০ জনৰো অধিক কাশ্মীৰী পণ্ডিতক মৃত্যুদণ্ড বিহিছিল। তেওঁ এইটোও স্বীকাৰ কৰিছিল যে কাশ্মীৰী পণ্ডিত সতীশ টিকু তেওঁ হত্যা কৰা প্ৰথম ব্যক্তি আছিল।

এইগৰাকী দুৰ্ধৰ্ষ সন্ত্ৰাসবাদীৰে পত্নী আসাবাহ খান ২০০৯ চনত কাশ্মীৰ প্ৰশাসনিক সেৱা (কেএএছ) পৰীক্ষাত উত্তীৰ্ণ হয় আৰু পৰৱৰ্তী সময়ত সাধাৰণ প্ৰশাসনিক বিভাগত নিযুক্তি লাভ কৰে। ২০১১ চনত তেওঁ বিট্টা কাৰাটেৰ সৈতে বিবাহ পাশত আৱদ্ধ হৈছিল।

লক্ষণীয়ভাৱে, ২০২২ চনৰ মাৰ্চ মাহত সতীশ টিকুৰ পৰিয়ালৰ দ্বাৰা দাখিল কৰা আবেদনৰ ওপৰত ৩১ বছৰৰ দীঘলীয়া অপেক্ষাৰ পিছত কাৰাটেৰ বিৰুদ্ধে বিচাৰ প্ৰক্ৰিয়া আৰম্ভ হয়। অধিবক্তা উৎসৱ বেইন্সে পৰিয়ালৰ হৈ ফাৰুক আহমেদ দাৰ ওৰফে বিট্টা কাৰাটেৰ বিৰুদ্ধে অপৰাধমূলক আবেদন দাখিল কৰে।

অন্যহাতে ৰাষ্ট্ৰীয় অনুসন্ধান সংস্থাই ২০১৯ চনত বিট্টা কাৰাটেক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। সংস্থাটোৱে কাৰাটে, চৈয়দ ছালাউদ্দিন আৰু অন্যান্যসকলৰ বিৰুদ্ধে “চৰকাৰৰ বিৰুদ্ধে যুদ্ধ কৰাৰ ষড়যন্ত্ৰ” আৰু পুলৱামা আক্ৰমণৰ পিছত কাশ্মীৰ উপত্যকাত সমস্যা সৃষ্টি কৰাৰ অভিযোগ উত্থাপন কৰিছিল। বৰ্তমানৰ শ্ৰীনগৰৰ কাৰাগাৰত বন্দীত্বৰ জীৱন পাৰ কৰি আছে বিট্টা কাৰাটেয়ে।