কাহিকুছি গাঁও পঞ্চায়তত ৰেচন কাৰ্ড বিতৰণ কাৰ্যসূচীৰ শুভাৰম্ভ বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাৰ

79

আজাৰা: ৰাজ্যৰ আন সমষ্টিৰ দৰে পশ্চিম গুৱাহাটীটো ৰেচন কাৰ্ড নথকা দুখীয়া লোকসকলক ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আঁচনিৰ অধীনৰ ৰেচন কাৰ্ড প্ৰদান কাৰ্যাসূচীৰ শুভাৰম্ভ কৰিছে । আজি সমষ্টিৰ ৰাণী উন্নয়ন খণ্ডৰ অধীনৰ কাহিকুছি গাঁও পঞ্চায়তত ৰেচন কাৰ্ড বিতৰণ কাৰ্যসূচীৰ শুভাৰম্ভ কৰা হয় ।

এই উপলক্ষে ভি আই পিত বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাই পঞ্চায়ত খনত থকা ১২ খন সুলভ মূল্যৰ দোকানৰ জৰিয়তে লাভ কৰিব লগা ৭৩১ জন লোকক ৰেচন কাৰ্ড প্ৰদান কৰে । এই উপলক্ষে কাহিকুছি গাঁও পঞ্চায়তৰ সভাপতি জগন্নাথ ঠাকুৰীয়াৰ সভাপতিত্বত অনুষ্ঠিত সভাত বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাই ৰেচন কাৰ্ডৰ গৰাকী সকলে যাতে চাউলকে ধৰি ৰাজহুৱা বিতৰণ ব্যৱস্থাৰ অধীনৰ সামগ্ৰী লাভ কৰে তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে ।

সভাত অসম চৰকাৰৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ নিৰীক্ষণ কমিটিয়ে সদস্য সুভাষ শৰ্মা , ৰাণী আঞ্চলিক পঞ্চায়তৰ সদস্য ৰজিদা বেগম , কামৰূপ মহানগৰ জিলাৰ যোগান বিভাগৰ পৰিদৰ্শক বিদ্যাধৰ ডেকা , অগপৰ পশ্চিম গুৱাহাটী সমষ্টিৰ সাধাৰণ সম্পাদক ৰবীন দৈমাৰী , কাহিকুছি আঞ্চলিক সমিতিৰ সভাপতি প্ৰভাত দলৈকে ধৰি কেইবাজনো বিশিষ্ট লোক উপস্থাপন থাকে ।