কাহিকুছিৰ এছ আই আৰ ডিত মহিলাৰ দক্ষতা বিকাশ প্ৰশিক্ষণ শিবিৰৰ সামৰণি

113

আজাৰা: অসম চৰকাৰৰ উদ্যোগ আৰু বাণিজ্য বিভাগৰ পৃষ্ঠপোষকতাত আৰু আজাৰা কাহিকুছিস্থিত ৰাজ্যিক পঞ্চায়ত আৰু গ্ৰামোন্নয়ন প্ৰতিষ্ঠানৰ ( এছ আই আৰ ডি ) অন্তৰ্গত সম্প্ৰসাৰণ প্ৰশিক্ষণ কেন্দ্ৰৰ ( ই টি চি ) উদ্যোগত ৫ অক্টোবৰৰ পৰা মহিলাৰ দক্ষতা বিকাশৰ বাবে অনুষ্ঠিত দুসপ্তাহজোৰা প্ৰশিক্ষণ শিবিৰৰ আজি সামৰণি পৰে ।

শিবিৰত কামৰূপ আৰু কামৰূপ মহানগৰ জিলাৰ বিভিন্ন প্ৰান্তৰ নিৰ্বাচিত ১৯০ জনী মহিলা-যুৱতীয়ে ভাগ লয় । আনহাতে ই টি চি ৰ হিচাপ ৰক্ষক হেমেন বৈশ্যৰ তত্বাৱধানত অনুষ্ঠিত শিবিৰত মহিলা- যুৱতী সকলক বিউটি পাৰ্লাৰ , টেইলৰিং , হস্ততাত , সূতাত ৰং দিয়া আৰু ডায়িং , পানী মেটেকাৰ পৰা বিভিন্ন সা- সামগ্ৰী প্ৰস্তুত কৰাৰ প্ৰশিক্ষণ প্ৰদান কৰা হয় । ইয়াৰ উপৰি শিবিৰত উদ্যোগ আৰু বাণিজ্য বিভাগৰ উপ সঞ্চালক মঞ্জুৰাণী গগৈ , ই টি চি ৰ অধ্যক্ষ লালৰেম চিয়ামী গামলাই , এছ তাই আৰ ডি ৰ ফেকাল্টি অনুপম দত্ত , ডঃ ৰিদিপ বৰা আৰু মনোৰঞ্জন চৌধুৰিয়ে ভাগ লোৱা প্রশিক্ষাৰ্থী সকলক প্ৰশিক্ষণৰ অন্তত তেওঁলোক যাতে শিবিৰত লাভ কৰা অভিজ্ঞাতাৰে স্বাৱলম্বী হব পাৰে সেই বিষয়ত প্ৰশিক্ষণ প্ৰদান কৰে ।

আনহাতে সামৰণি অনুষ্ঠানত প্রশিক্ষাৰ্থী সকলক প্ৰমাণ পত্ৰ আৰু জলপানী সমূহ প্ৰদান কৰা হয় । অনুষ্ঠানত উপ সঞ্চালক মঞ্জুৰাণী গগৈ , ই টি চি ৰ অধ্যক্ষ লালৰেম চিয়ামী গামলাই , হিচাপ ৰক্ষক হেমেন বৈশ্যৰ উপৰিও মনজিৎ পাঠক , নিৰূপম দাস , গোবিন্দ বাছফৰ আৰু ৰঞ্জীত বাছফৰকে ধৰি কেইবাজনো বিষয়া-কৰ্মচাৰী উপস্থিত থাকে । উল্লেখযোগ্য যে লকডাউনৰ শিথিলতাৰ পাছত প্ৰায় সাত মাহৰ বিৰতিত কভিড প্ৰটোকল বিধি মানি ই টি চি ত প্ৰশিক্ষণৰ কাৰ্যসূচী সমূহ আৰম্ভ কৰা হৈছে ।