কাশ্মীৰত সন্ত্ৰাসবাদীৰ আক্ৰমণত শ্বহীদ দুই ভাৰতীয় জোৱান

104

পুনৰ উত্তপ্ত হৈ পৰিছে কাশ্মীৰ। দীৰ্ঘদিনৰ পিছত পুনৰ সন্ত্ৰাসবাদে গা কৰি উঠিছে জম্মু-কাশ্মীৰত। দুদিন পূৰ্বে চিআৰপিএফ জোৱানৰ ওপৰত সন্ত্ৰাসবাদীয়ে গ্ৰেণেড আক্ৰমণ কৰাৰ পিছত আজি পুনৰ কাশ্মীৰৰ অৱন্তিপুৰাত চিআৰপিএফৰ জোৱানলৈ লক্ষ্য কৰি গুলীবৰ্ষণ কৰে সন্ত্ৰাসবাদীয়ে।

জানিব পৰা মতে, সন্ত্ৰাসবাদীৰ আক্ৰমণত গুলীবিদ্ধ হৈ শ্বহীদ হৈছে দুগৰাকী চিআৰপিএফ জোৱান। আনহাতে সন্ত্ৰাসবাদীৰ আক্ৰমণত দুগৰাকী সাধাৰণ নাগৰিকো নিহত হোৱা বুলি জানিব পৰা গৈছে। ইফালে সামান্যভাৱে আহত আন দুগৰাকী জোৱানক বৰ্তমান চিকিৎসালয়ত ভৰ্তি কৰা হৈছে। ইফালে সন্ত্ৰাসবাদীৰ আক্ৰমণত চিআৰপিএফ বাহিনীৰ এখন বাহনো ক্ষতিগ্ৰস্থ হয়।