কাছাৰত মৃতদেহ উদ্ধাৰক লৈ চাঞ্চল্য

76

দেওবাৰে কাছাৰ জিলাৰ কালাইন তহচিলৰ অন্তৰ্গত বুৰুঙ্গা গাঁৱত এটা মৃতদেহ উদ্ধাৰক লৈ চাঞ্চল্যৰ সৃষ্টি হৈছে।

পুৱা স্থানীয় লোকে গাঁওখনৰ এটা ৰেল পথৰ ওচৰত মৃতদেহটো উদ্ধাৰ কৰে।

মৃত ব্যক্তিজনক স্থানীয় নিৱাসী ২৭ বছৰীয়া ৰজেন দাস বুলি চিনাক্ত কৰা হৈছে। মৃতদেহটো প্ৰত্যক্ষ কৰি স্থানীয় লোকে আৰক্ষীক অৱগত কৰাত ঘটনাস্থলীত আৰক্ষীৰ দল উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰে।

যুৱকজনৰ মৃত্যুৰ কাৰণ এতিয়াও ৰহস্যৰ আৱৰ্তত যদিও ৰাজেন দাসক হত্যা কৰি পেলাই থৈ যোৱাৰ সন্দেহ কৰিছে স্থানীয় লোকে।

আৰক্ষীয়ে মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে শিলচৰ চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়লৈ (এছএমচিএইচ) প্ৰেৰণ কৰিছে।