কাইলৈ ছেমিফাইনেলত অৱতীৰ্ণ হব লাভলীনাঃ বৰপথাৰত আনন্দৰ বন্যা, জয়ৰ বাবে প্ৰাৰ্থনা

102

পৰাণ গোস্বামী, বৰপথাৰঃ গাঁৱৰ কেঁচা আলি গচকি বিশ্বৰ দৰবাৰলৈ যোৱা অসম কন্যা লাভলীনা বৰগোহাঁইক লৈ সপোনৰ অন্ত নাই ভাৰতবাসীৰ। টকিঅ’ অলিম্পিকত বুধবাৰে ছেমি ফাইনেলৰ যুঁজত নামিব লাভলীনা। ছেমি ফাইনেলত তুৰ্কীৰ প্ৰতিদ্বন্দী বক্সাৰ বুছেনাজ চুৰমেনলীৰ বিৰুদ্ধে ৰিঙত নামিব লাভলীনা।

লাভলীনাৰ এই বিশ্বজয়ী যাত্ৰাত মৰম-আশীৰ্বাদ-শুভেচ্ছাৰে উপচাই পেলাইছে প্ৰতিগৰাকী ভাৰতীয়ই। অসম কন্যা লাভলীনাৰ গৃহ জিলাতো এতিয়া দেখিবলৈ পোৱা গৈছে ব্যাপক উচাহ। যিখন বিদ্যালয়ত এদিন লাভলীনাই অধ্যয়ন কৰিছিল, সেই বিদ্যালয়খনতো আজি আনন্দমুখৰ পৰিবেশ।

লাভলীনাই শিক্ষালাভ কৰা বৰপথাৰ বালিকা বিদ্যালয়ত আজি শিক্ষক-শিক্ষয়িত্ৰীৰ লগতে ছাত্ৰ-ছাত্ৰীসকলে লাভলীনাৰ বিশ্ব জয়ৰ বাবে প্ৰাৰ্থনা জনায়। বিদ্যালয়খনৰ শিক্ষক আৰু ছাত্ৰ-ছাত্ৰীসকলে ১১০ গচি চাকিৰে লাভলীনাৰ চিত্ৰ অংকন কৰি লাভলীনাক শুভেচ্ছা জ্ঞাপন কৰাৰ লগতে তেওঁ যাতে অলিম্পিকত স্বৰ্ণজয়েৰে সকলোকে গৌৰৱাম্বিত কৰিব পাৰে, তাৰ বাবে নেদেখা জনৰ ওচৰত প্ৰাৰ্থনা জনায়।