কমলপুৰ সমষ্টিৰ বিধায়ক দিগন্ত কলিতাৰ পুঠিমাৰী নৈৰ বালি-মাটিৰ খনন কাৰ্য পৰিদৰ্শন

85

পৱন নীল কাশ্যপ, কমলপুৰঃ বিধায়ক হিচাপে নিৰ্বাচিত হৈয়ে দেওবাৰে পুঠিমাৰী নৈৰ বালি-মাটিৰ খনন কাৰ্য পৰিদৰ্শন কৰে কমলপুৰ সমষ্টিৰ বিধায়ক দিগন্ত কলিতাই। উল্লেখ্য যে, ৬০ কোটি টকা ব্যয়ৰে নিৰ্মীয়মান Down schemeৰ বৰডেকপাৰৰ পৰা নদীৰ দুয়োপাৰে ৮ কিলোমিটাৰকৈ ১৬ কিলোমিটাৰ দৈৰ্ঘ্যৰ মথাউৰিৰ নিৰ্মাণৰ কাম এতিয়াও ৩০ শতাংশ বাকী আছে। মথাউৰি পৰিদৰ্শন কৰি বিধায়ক দিগন্ত কলিতাই বাৰিষাৰ পূৰ্বে বাকী থকা কাম খিনি সম্পূৰ্ণ কৰিবলৈ বিভাগীয় কৰ্তৃপক্ষ আৰু ঠিকাদাৰক নিৰ্দেশ দিয়ে।

ইফালে Up schemeৰ কৰিব লগা মথাউৰি নিৰ্মাণৰ ৬টা স্থান বিপদজনক হিচাপে চিহ্নিত কৰি বিধায়কগৰাকীয়ে বিভাগীয় কৰ্তৃপক্ষক এমাহৰ ভিতৰত এই ৬টা স্থানৰ নিৰ্মাণৰ কাম সম্পূৰ্ণ কৰিবলৈ নিৰ্দেশ দিয়ে।