কমলপুৰৰ ৰাইপাটৰ পৰিত্যক্ত পানী যোগান আঁচনি পৰিদৰ্শন বিধায়ক দিগন্ত কলিতাৰ

87

পৱন নীল কাশ্যপ, চাংসাৰীঃ কমলপুৰ সমষ্টিৰ অন্তৰ্গত ৰাজ্যৰ জলসিঞ্চন বিভাগৰ পানী যোগান আঁচনিসমূহ এতিয়া বগাহাতীত পৰিণত হৈছে৷ বৰষুণলৈ বাট চাই থাকিব লগীয়া হৈছে কমলপুৰৰ গঞাই। বৰষুণ নহ’লে মাটি ছন পৰাৰ উপক্ৰম খেতিয়ক ৰাইজৰ। কমলপুৰ ৰাজহ চক্ৰৰ অন্তৰ্গত ৰাইপাট গাঁৱত অৱস্থিত পানী যোগান আঁচনি থাকিও নাইকীয়া অৱস্থা।

২কোটি ৮০ লাখ টকা ব্যয় সাপেক্ষে চাৰি বছৰ পূৰ্বে নিৰ্মাণ কৰা এই আঁচনি খনৰ পৰা উপকৃত নহ’ল কৃষক ৰাইজ। গাঁৱৰ ৰাইজে নাপালে এটোপালো পানী। জহি খহি যোৱাৰ উপক্ৰম হৈছে পানী যোগান আঁচনিখন৷ বিভাগটোৰ পৰা ৰঙিয়া সংমণ্ডলৰ উচ্চপদস্থ বিষয়া সহিতে পৰিদৰ্শন কৰে কমলপুৰ বিধানসভা সমষ্টিৰ বিধায়ক দিগন্ত কলিতাই। অচিৰেই বন্ধ হৈ থকা এই আঁচনিখন কাৰ্যক্ষম কৰিবলৈ বিভাগৰ বিষয়াসকলক নিৰ্দেশ দিয়ে বিধায়কগৰাকীয়ে। তদুপৰি বিধায়ক গৰাকীয়ে সমষ্টিৰ অন্তৰ্গত কেইবাখনো বন্ধ হৈ থকা আঁচনিৰ লগতে মধ্য গভীৰ সৌৰ শক্তি চালিত নলীনাদ আঁচনিও পৰিদৰ্শন কৰে ।