কটনিয়ানৰ উদ্যোগ বানপীড়িতলৈ টিনপাত আৰু সাহাৰ্য প্ৰদান

142

চাৰ্ভিঙ হেপিনেছ আৰু কটন বিশ্ববিদ্যালয়ৰ মানৱতাৰ দেৱাল নামৰ দুই স্বেচ্ছাসেৱী সংগঠনৰ দ্বাৰা তামিলনাডুৰ Hope নামৰ স্বেচ্ছাসেৱীৰ সহযোগত নগাঁও জিলাৰ কামপুৰৰ অঞ্চলৰ গাৰুখুন্দা গাৱঁৰ বানত ক্ষতিগ্রস্ত প্ৰায় ২০০ ঘৰ মানুহক অত্যাবশ্যকীয় সামগ্রী প্ৰদানৰ লগতে বানত ক্ষয় ক্ষতি হোৱা ঘৰ নিৰ্মাণৰ বাবে প্ৰায় ১০ ঘৰ মানুহক টিনপাত দিয়াৰ লগতে খাদ্য বস্তু,শিশু খাদ্য,চেনেটেৰী পেদ আদিৰে সাহাৰ্য্য আগবঢ়োৱা হয় বুলি তেওঁলোকৰ সদস্যবোৰে জানিবলৈ দিয়ে ।

ইয়াৰ পূৰ্বেও দুয়োটা স্বেচ্ছাসেৱী সংগঠনৰ উদ্যোগত মৰিগাঁও,হাজো, নগাঁও আদিৰ বিভিন্ন ঠাইত সাহাৰ্য্য প্ৰদান কৰি মানৱতাৰ নিদৰ্শন দাঙি ধৰিছে ।যি সময়ত চৰকাৰৰ আচঁনি কেৱল ঘোষণাতে সীমাবদ্ধ থাকে আৰু জনসধাৰণৰ মাজলৈ গৈ নাপায়,সেই সময়ত কটন বিশ্ববিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলে এক উৎকৃষ্ট নিদৰ্শন দাঙি ধৰিবলৈ সক্ষম হৈছে ।কটনিয়ান সকলৰ প্ৰচেষ্টাত গাৰুখুন্দা গাঁৱৰ ৰাইজে শিক্ষার্থী সকলৰ প্ৰচেষ্টাক শলাগ লোৱাৰ লগতে ভৱিষ্যত জীৱনৰ সফলতাৰ বাবে আশীৰ্বাদ প্ৰদান কৰে ।উল্লেখযোগ্য যে বানৰ ফলত পঢ়িবলৈ অনুপযোগী হৈ পৰা ১খন বিদ্যালয়ত টিনপাত প্ৰদানৰ লগতে কিছু আৰ্থিক সহায় আগবঢ়াই ।