কংগ্ৰেছ নেতা ৰাজীৱ ত্যাগীৰ আকস্মিক বিয়োগ

104

ডিজিটেল ডেস্কঃ ভাৰতীয় কংগ্ৰেছৰ জ্যেষ্ঠ নেতা ৰাজীৱ ত্যাগীৰ দেহাৱসান। বুধবাৰে সন্ধিয়া হৃদযন্ত্ৰৰ ক্ৰিয়া বন্ধ হৈ শেষ নিশ্বাস ত্যাগ কৰে কংগ্ৰেছৰ নেতাগৰাকীয়ে। উল্লেখ্য যে, বুধবাৰে সন্ধিয়া ৫ বজাত সম্প্ৰচাৰিত হ’বলগা এটা ৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ ডিবেট অনুষ্ঠানত অংশ লৈছিল কংগ্ৰেছ নেতাগৰাকীয়ে। কিন্তু তাৰ কিছু সময়ৰ পিছতে হৃদৰোগত আক্ৰান্ত হৈ নেতাগৰাকীৰ মৃত্যু হোৱাৰ খবৰে এতিয়া দেশৰ ৰাজনৈতিক মহলত শোকৰ সৃষ্টি কৰিছে।

বিজেপি নেতা সম্বিত পাত্ৰাই ৰাজীৱ ত্যাগীৰ আকস্মিক বিয়োগত শোক প্ৰকাশ কৰি কয় যে সন্ধিয়া ত্যাগীয়ে যিটো টেলিভিছন অনুষ্ঠানত অংশ লৈছিল, সেই অনুষ্ঠানটোতে ভাগ লৈছিল সম্বিত পাত্ৰায়ো। সেই অনুষ্ঠান অন্ত পৰাৰ কেই মুহূৰ্তমানৰ পাছতে ত্যাগীৰ মৃত্যুৰ বাতৰিয়ে তেওঁক শোকবিহ্বল কৰি তোলা বুলিও মন্তব্য কৰে সম্বিত পাত্ৰাই।