কংগ্ৰেছ-এজেপিক পাহৰি পেলাইছে মাজুলীবাসীয়ে: মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

92

অহা ৭ মাৰ্চত অনুষ্ঠিত হব মাজুলীৰ উপ নিৰ্বাচন। এই নিৰ্বাচনত এইবাৰ মূল যুঁজখন হব বিজেপিৰ ভুৱন গাম আৰু এজেপিৰ চিত্তৰঞ্জন বসুমতাৰীৰ মাজত।

নিৰ্বাচনক লৈ ৰাজনৈতিক দলসমূহ তৎপৰ হৈ পৰাৰ মাজতে আজি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মাজুলীত কয়, “মাজুলীত এতিয়া উন্নয়নৰ ধুমুহা বলিছে। কংগ্ৰেছ-অজাপৰ নাম মাজুলীবাসী ৰাইজে পাহৰি পেলাইছে। গতিকে এতিয়া আৰু তেওঁলোকৰ কথা মনত পেলাই দিব নালাগে।” প্ৰধানমন্ত্ৰ নৰেন্দ্ৰ মোদীৰ নেতৃত্বত মাজুলীত ৰাজ্য চৰকাৰে সৰ্বাংগীন উন্নয়ন সম্ভৱ কৰা বুলি মন্তব্য কৰে।

যোৱা ৬ বছৰত কংগ্ৰেছ-অজাপক ৰাইজে পাহৰি পেলাইছে বুলি মন্তব্য কৰি মাজুলীৰ উপ-নিৰ্বাচনত বিৰোধীক একপ্ৰকাৰ নসাৎ কৰিলে মুখ্যমন্ত্ৰী গৰাকীয়ে।

আনহাতে ২০২৬ৰ নিৰ্বাচনৰ প্ৰচাৰৰ সময়ত মাজুলীলৈ দলঙেৰে যোৰহাটৰ পৰা আহি বিহপুৰীয়া হৈ ওলাই যোৱাৰ ইচ্ছাৰ কথাও ব্যক্ত কৰিলে হিমন্ত বিশ্ব শৰ্মাই।