ওদালগুৰিত ৰাষ্ট্ৰীয় ডেংগু দিৱস পালন

79

ষ্টাফৰিপোৰ্টাৰ, ১৬ মে’ : আজি ৰাষ্ট্ৰীয় ডেংগু দিৱস। কৰ’না মহামাৰীৰ আতংকৰ মাজতে শনিবাৰে অনুষ্ঠিত হ’ল ডেংগু দিৱস। ওদালগুৰি জিলাতো ডেংগু দিৱসৰ দিনটোত ডেংগু জ্বৰ সন্দৰ্ভত ৰাইজক সজাগ কৰি তুলিবলৈ স্বাস্থ্য কৰ্মীসকলে প্ৰচেষ্টা চলায়। জিলাখনৰ চপন গাঁও, পুৰণি ভেৰগাওঁৰ লগতে ওৰাঙৰো বিভিন্ন অঞ্চলত স্বাস্থ্য কৰ্মীসকলে ডেংগু জ্বৰৰ কাৰকসমূহ আৰু ইয়াৰ লক্ষণ সমূহৰ বিষয়ে ৰাইজক অৱগত কৰে। ৰাষ্ট্ৰীয় বাহকজনিত ৰোগ নিয়ন্ত্ৰণ কাৰ্যক্ৰমৰ ওদালগুৰি শাখাৰ উদ্যোগত ভৈৰৱকুন্ড অঞ্চলত ডেংগু জ্বৰৰ উৎস হ্ৰাস কৰাৰ এক অভিযানো চলে। কৰ’না মহামাৰীৰ সংক্ৰমণে ভয়াৱহ ৰূপ লোৱাৰ সময়ত ডেংগু, জাপানীজ এনকেফেলাইটিছ আদি জ্বৰে যাতে প্ৰকোপ বিস্তাৰ কৰিব নোৱাৰে তাৰ বাবে স্বাস্থ্য কৰ্মীসকলে অহৰহ চেষ্টা চলাই আহিছে। উল্লেখ “কভিড ১৯” ৰ বাবে চলি থকা অসম সমূহীয়া নিৰীক্ষণ কাৰ্যসূচীৰ অধীনত জিলাখনত ডেংগু জ্বৰৰো নিৰীক্ষণ চলি আছে।