এমাজন ইণ্ডিয়াই আজি ঘোষণা কৰে যে ভাৰতৰ ৫০ টাতকৈও অধিক ফুলফিলমেন্ট চেন্টাৰৰ পৰা উদ্ভূট পেকেজিঙসমূহত সকলো ধৰণৰ ছিঙ্গল ইউজ প্লাষ্টিকৰ ব্যৱহাৰ নিৰ্মূল কৰি বহনক্ষমতাৰ দিশে কোম্পানীটোৰ প্ৰচেষ্টাৰ এক মাইলৰ খুটীত উপনীত হৈছে । ছেপ্তেম্বৰ ২০২৯ত কোম্পানীটোৱে পৰিৱেশ অনুকূল যোগান শৃংখলা এটা নিৰ্মাণ কৰাৰ ইয়াৰ প্ৰচেষ্টা পূৰণ কৰি এই লক্ষ্যত উপনীত হোৱাৰ বাবে অংগীকাৰবদ্ধ হৈ জুন ২০২০ ৰ কম সময়ৰ লক্ষ্য হাতত লৈছিল ।
এমাজন ইণ্ডিয়াই ইয়াৰ নিজস্ব ফুলফিলমেন্ট চেন্টাৰসমূহত ছিঙ্গল ইউজ প্লাষ্টকৰ ব্যৱহাৰ সম্পূৰ্ণৰূপে নিৰ্মূল কৰাৰ বাবে কেইবাটাও পদক্ষেপ গ্ৰহণ কৰিছিল । এই লক্ষ্যৰ দিশে প্ৰথমটো গুৰুত্বপূৰ্ণ সফলতা ২০১৯ৰ ডিচেম্বৰত প্ৰাপ্ত হৈছিল যেতিয়া কোম্পানীটোৱে ইয়াৰ পেকেজিঙত বাবল ৰেপ আৰু এয়াৰ পিল’ৰ দৰে প্লাষ্টিক পেকেজিঙৰ সামগ্ৰীসমূহক “পেপাৰ কুশ্বনেৰে” সলনি কৰিছিল । অতিৰিক্তভাৱে কোম্পানীটোৱে গ্ৰাহকক ডেলিভাৰী প্ৰদান কৰাৰ বাবে অন্যান্য সামগ্ৰীৰ ভিতৰত থিন ক্লিং ফিল্মসমূহক ছিঙ্গল ইউজ প্লাষ্টিক নোহোৱা আন বিকল্পৰে সলনি কৰিছিল। এমাজন ফুলফিলমেন্ট চেন্টাৰসমূহৰ পৰা উদ্ভূট আন সমস্ত প্লাষ্টিক পেকেজিং সামগ্ৰীসমূহ উপলব্ধ সংগ্ৰহ , পৃথকীকৰণ আৰু পুনৰ ব্যৱ্হাৰ উপযোগী প্ৰণালীসমূহৰ মাধ্যমেৰে ১০০% পুনৰ্ব্যৱহাৰ্য্য । এমাজন ইণ্ডিয়াই গ্ৰাহকৰ অৰ্ডাৰসমূহ প্ৰত্যক্ষভাৱে পূৰণ কৰা বিক্ৰেতাসমূহক পেকেজিঙৰ এই পৰিৱৰ্তন যোগদান কৰিবলৈ শিক্ষিত কৰাৰ প্ৰচেষ্টা অব্যাহত ৰাখিছে ।
এমাজন ইণ্ডিয়াই উদ্ভাৱনীমূলক প্লাষ্টিক মুক্ত সমাধানসমূহ বিকাশ কৰাৰ সময়ত ইয়াৰ পেকেজিঙৰ সৰবৰাহৰ সময়ৰ ক্ষমতাৰ মাপ ল’বলৈ একাধিক পৰীক্ষণ সম্পন্ন কৰিছে । কোম্পানীটোৱে পেকেজিঙত আৱৰ্জনা হ্ৰাস কৰিবলৈ বহনক্ষম পেকেজিং উদ্ভাৱনসমূহ ডিজাইন কৰাৰ বাবে উৎপাদনকাৰীসকলৰ সৈতে সহযোগিতা কৰিছে । পৰীক্ষণসমূহে কোম্পানীটোক গ্ৰাহ্কৰ অভিজ্ঞতা বা পণ্যৰ সুৰক্ষাৰ ওপৰত প্ৰভাৱ নেপেলোৱাকৈ বহনক্ষমতাৰ লক্ষ্যসমূহৰ দিশে ইয়াৰ গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণৰ সক্ষম কৰি তুলিছিল ।
এমাজন ইণ্ডিয়াৰ কাষ্টমাৰ ফুলফিলমেন্ট আৰু ছাপ্লাই চেইনৰ নিৰ্দেশক প্ৰকাশ কুমাৰ দত্তই কৈছিল, “আমাৰ ফুলফিলমেন্ট কেন্দ্ৰসমূহত ছিঙ্গল ইউজ প্লাষ্টিকৰ ব্যৱহাৰৰ নিৰ্মূলকৰণ এক বহনক্ষম যোগান শৃংখলা নিৰ্মাণ কৰাৰ দিশে আমাৰ অবিৰত যাত্ৰাৰ বাবে এক গুৰুত্বপুৰ্ণ মাইলৰ খুটী । আমাৰ লক্ষ্য হৈছে গ্ৰাহকৰ অভিজ্ঞতা উত্থিত কৰাৰ লগতে পৰিৱেশৰ ওপৰত প্ৰভাৱো হ্ৰাস কৰা । বিগত কেইটামান মাহত লকডাউন আৰু মহামাৰীৰ নজিৰিবিহীন প্ৰত্যাহ্বানসমূহৰ সৈতে কাম চলাই যোৱাৰ লগতে আমি আমাৰ অংগীকাৰসমূহ পূৰণ কৰাটোক সুনিশ্চিত কৰাৰ বাবে পদক্ষেপ গ্ৰহণ কৰিছোঁ । আমি দৃঢ়তাৰে বিশ্বাস কৰোঁ যে বহনক্ষম অভ্যাসসমূহৰ দিশে অগ্ৰসৰ হোৱাটো গ্ৰহ, গ্ৰাহক আৰু ব্যৱসায়টোৰ বাবে হিতকাৰী আৰু আমি এই দিশত বিনিয়োগ আৰু উদ্ভাৱন কৰা অব্যাহত ৰাখিম।”