এইচডিএফচি বেংকে পিএম কেয়াৰ্ছ পুঁজিৰ বাবে বৰঙণি সংগ্ৰহ কৰিবলৈ লাভ কৰিছে নিৰ্দেশ

101

ষ্টাফৰিপৰ্টাৰ,,এপ্ৰিল।।।ক’ভিড-১৯ মহামাৰীৰ পৰিপ্ৰেক্ষিতত উদ্ভৱ হোৱা যি কোনো জৰুৰীকালীন পৰিস্থিতিৰ মোকাবিলা কৰিব পৰাকৈ তথা আক্ৰান্তসকলক সহায় কৰিবলৈ গঠন কৰা পিএম কেয়াৰ্ছ পুঁজিৰ বাবে বৰঙণি সংগ্ৰহ কৰিবলৈ নিৰ্দেশ লাভ কৰিছে এইচডিএফচি বেংকে। ব্যক্তিবিশেষ তেওঁলোকৰ সুবিধা হোৱাকৈ ঘৰৰ পৰাই ডেবিট কাৰ্ড, ক্ৰেডিট কাৰ্ড আৰু ডিজিটেল বেংকিং চেনেল ব্যৱহাৰ কৰি বৰঙণি আগবঢ়াব পৰিব। ইয়াৰ বাবে তেওঁলোকে (https:.//www.hdfcbank.com/personal/pay/donations/)এই লিংকটোত ক্লিক কৰিব লাগিব।পি এম কেয়াৰ্ছলৈ আগবঢ়োৱা বৰঙণিৰ বাবে অনুচ্ছেদ ৮০(জি)ৰ অধীনত কৰ ৰেহাই দিয়া হ’ব আৰু বৰঙণি আগবঢ়োৱাৰ ১৫-২০ দিনৰ ভিতৰতে পিএম কেয়াৰ্ছ প’ৰ্টেলৰ পৰা প্ৰাপ্তি ৰচিদ ডাউনলোড কৰিব পাৰিব। এই সন্দৰ্ভত এইচডিএফচি বেংকৰ পৰিচালন সঞ্চালক আদিত্য পুৰীয়ে এই সুযোগ লাভ কৰি সন্মানিত অনুভৱ কৰা বুলি জানিবলৈ দিয়ে। উল্লেখযোগ্য যে,এইচডিএফচি গ্রুপে পিএম কেয়াৰ্ছ পুঁজিলৈ ১৫০ কোটি টকা বৰঙণি হিচাবে আগবঢ়াইছে।