উৎকোচ লৈ হাতে-লোটে গ্ৰেপ্তাৰ স্বামী! তাৰ পিছতে নিলম্বন কৰা হ’ল ৰাজস্থানৰ মেয়ৰ মুনেশ গুৰজাৰক…

257

জয়পুৰ হেৰিটেজ পৌৰ নিগমৰ মেয়ৰ মুনেশ গুৰজাৰক দেওবাৰে ৰাজস্থান চৰকাৰে নিলম্বন কৰে। খবৰ অনুসৰি, ভূমি পট্টা প্ৰদানৰ বাবে দুই লাখ টকাৰ উৎকোচ লোৱাৰ সময়ত তেওঁৰ স্বামী সুশীল গুৰজাৰ গ্ৰেপ্তাৰ হোৱাৰ পিছতে ৰাজস্থান চৰকাৰে মেয়ৰগৰাকীক নিলম্বন কৰাৰ নিৰ্দেশ জাৰি কৰে।

জয়পুৰ হেৰিটেজ পৌৰ নিগমৰ মেয়ৰ মুনেশ গুৰজাৰৰ বাসগৃহতো দুৰ্নীতি নিবাৰক শাখাই অভিযান চলায়। এই গোচৰৰ সৈতে জড়িত দুজন দালালকো গ্ৰেপ্তাৰ কৰে এচিবিয়ে।

মেয়ৰ মুনেশ গুৰজাৰৰ ঘৰৰ পৰা অভিযান চলাই দুর্নীতি নিবাৰক শাখাই উদ্ধাৰ কৰে ৪০ লাখ টকা। লগতে এজন দালালৰ ঘৰৰ পৰা উদ্ধাৰ হৈছে ৮ লাখ টকা। বিষয়টোৰ ওপৰত অধিক তদন্ত অব্যাহত ৰাখিছে এচিবিয়ে। উৎকোচ গোচৰত মেয়ৰৰ জড়িত বুলি সন্দেহ কৰি ৰাজস্থান চৰকাৰে মুনেশ গুৰজাৰক নিলম্বন কৰাৰ নিৰ্দেশ জাৰি কৰে।

এই বিষয়টোক লৈ বিজেপিৰ ক্ষোভৰ সন্মুখীন হৈছে ৰাজ্যৰ কংগ্ৰেছ চৰকাৰ। বিজেপিয়ে কয় যে ৰাজস্থানৰ অশোক গেহলট চৰকাৰে দুৰ্নীতিৰ প্ৰতি চকু মুদিছে। এচিবিৰ বিশেষ অনুসন্ধান ইউনিটৰ জয়পুৰ শাখাত এজাহাৰ দাখিল কৰা হৈছে যে পট্টা প্ৰদানৰ পৰিৱৰ্তে দালাল, নাৰায়ণ সিং আৰু অনিল ডুবেৰ জৰিয়তে সুশীল গুৰজাৰৰ হৈ ২ লাখ টকা লাভ কৰা হৈছে বুলি এচিবিৰ অতিৰিক্ত সঞ্চালক প্ৰধান হেমন্ত প্ৰিয়াদৰ্শীয়ে জানিবলৈ দিয়ে।