উচ্চ ন্যায়ালয়সমূহত নিষ্পত্তি নোহোৱাকৈ আছে ৩০ বছৰ পুৰণি ৬২ হাজাৰ গোচৰ

30

দেশৰ বিভিন্ন উচ্চ ন্যায়ালয়সমূহত নিষ্পত্তি নোহোৱাকৈ পৰি আছে প্ৰায় ৬২,০০০টা গোচৰ। যিবোৰ ৩০ বছৰতকৈ অধিক পুৰণি আৰু ইয়াৰে তিনিটা গোচৰ ১৯৫২ চনৰ পৰা নিষ্পত্তিৰ বাবে অপেক্ষা কৰি আছে। চৰকাৰী তথ্য অনুসৰি, উচ্চ ন্যায়ালয়ত ১৯৫৪ চনৰ পৰা চাৰিটা গোচৰ আৰু ১৯৫৫ চনৰ পৰা নটা গোচৰ নিষ্পত্তি নোহোৱাকৈ পৰি আছে। ১৯৫২ চনৰ পৰা বিচাৰাধীন তিনিটা গোচৰৰ ভিতৰত, দুটা কলিকতা উচ্চ ন্যায়ালয়ত আৰু এটা মাদ্ৰাজ উচ্চ ন্যায়ালয়ত আছে। যোৱা সপ্তাহৰ আৰম্ভণিতে জিলা ন্যায়পালিকাৰ ৰাষ্ট্ৰীয় সন্মিলনত ভাষণ দি ৰাষ্ট্ৰপতি দ্ৰৌপাদি মুৰ্মুৱে ন্যায়পালিকাত স্থগিত বিচৰা সংস্কৃতিৰ পৰিৱৰ্তনৰ আহ্বান জনাইছিল। তেওঁ কৈছিল যে দীৰ্ঘদিন ধৰি অমীমাংসিত হৈ থকা গোচৰবোৰ ন্যায়পালিকাৰ সন্মুখত এটা ডাঙৰ প্ৰত্যাহ্বান। সকলো অংশীদাৰে এই সমস্যাটোক প্ৰাথমিকতা দিব লাগিব আৰু সমাধান বিচাৰিব লাগিব। ৰাষ্ট্ৰীয় ন্যায়িক ডাটা গ্ৰিড (এনজেডিজি)ৰ মতে, উচ্চ ন্যায়ালয়ত প্ৰায় ২.৪৫ লাখ গোচৰ বিচৰাধীন হৈ আছে, যিবোৰ ২০ ৰ পৰা ৩০ বছৰ পুৰণি। অনুষ্ঠানটোত ভাষণ আগবঢ়ায় আইন মন্ত্ৰী অৰ্জুন ৰাম মেঘৱালে ভাৰতীয় আদালতসমূহে তাৰিখ পে তাৰিখ সংস্কৃতি অনুসৰণ কৰে বুলি যি ধাৰণা চলি আছে সেয়া ভংগ কৰিবলৈ আহ্বান জনাইছিল। তেওঁ কৈছিল যে আইন মন্ত্ৰালয়ে বিশ্লেষণ কৰিছে যে গোচৰবোৰ পাঁচ, ১০, ১৫, ২০ আৰু ৩০ বছৰ ধৰি বিচাৰাধীন হৈ আছে। তেওঁ কৈছিল যে এনজেডিজিত উল্লেখ কৰা অমীমাংসিত গোচৰসমূহৰ বিশ্লেষণে দেখুৱায় যে মোকৰ্দমাত জড়িত পক্ষবোৰ হয় উপস্থিত নহয় বা গোচৰটো অনুসৰণ কৰিবলৈ আগ্ৰহী নহয়। তেওঁ কৈছিল যে এনে ধৰণৰ ২৫ ৰ পৰা ৩০ শতাংশ গোচৰ এবাৰতে নিষ্পত্তি কৰিব পাৰি। কিছুমান উচ্চ ন্যায়ালয়ে এই ক্ষেত্ৰত কাৰ্যকৰী পদক্ষেপ গ্ৰহণ কৰিছে। জিলা আদালত, উচ্চ ন্যায়ালয় আৰু উচ্চতম ন্যায়ালয়কে ধৰি বিভিন্ন আদালতত পাঁচ কোটিৰো অধিক গোচৰ বিচাৰাধীন হৈ আছে।