ইনষ্টাগ্ৰামত সংগীতৰ লহৰ তুলিবলৈ সাজু উত্তৰ-পূৱৰ শিল্পীৰ

97

ষ্টাফ ৰিপ’ৰ্টাৰ: দেশবাসীয়ে লক ডাউন ৪.০ত প্ৰৱেশ কৰিবলৈ গৈ থকা সময়তে শিল্পী আৰু কলা-কুশলী সকলে অনুৰাগী সকলক মনোৰঞ্জনৰ খোৰাক দিয়াৰ উদ্দেশ্যে উত্তৰ পূৰ্বাঞ্চলৰ স্থানীয় শিল্পী সকল আৰু ইনষ্টাগ্ৰামে ‘লাইভ ইন ইয়ৰ লিভিং ৰুম’ শীৰ্ষক সংগীতৰ অনন্য অনুষ্ঠানৰ আয়োজন কৰিছে। ১৭ মে,(২০২০) অর্থাৎ দেওবাৰে সন্ধিয়া ৬ বজাৰ পৰা নিশা ১০ বজালৈ এই অনুষ্ঠান চলিব। ইয়াত ১০ গৰাকী শিল্পীয়ে প্ৰত্যেকে ৩০ মিনিটকৈ এজনৰ পাছত আনজনে ইনষ্টাগ্ৰাম লাইভত অংশগ্ৰহণ কৰিব। এই অনুষ্ঠানত ভাগ লবলগীয়া শিল্পীসকল হৈছে ক্ৰিষ্টিনা শ্বাকুম, মাংকা, জয় বৰুৱা, জাজই সিংচিট, জি’নী,আল’বা নাগা,কিমকিমা,শংকুৰাজ কোঁৱৰ আৰু টেটচিঅ’ ছিষ্টাৰ্ছ। এই কাৰ্যসূচী সন্দৰ্ভত, ফেচবুক ইণ্ডিয়াৰ পাৰ্টনাৰশ্বিপৰ সঞ্চালক আৰু মুৰব্বী মণীষ চোপ্ৰাই কয়”- শ্ব-প্ৰতিভা প্ৰকাশৰ বাবে ইনষ্টাগ্ৰাম সুৰক্ষিত মাধ্যম। সাম্প্ৰতিক স্বাস্থ্য সংক্ৰান্তীয় সংকট প্ৰতিহত কৰিবলৈ বিশ্ববাসী একত্ৰিত হোৱাৰ সময়তে ভাৰতৰ ভিন্ন প্ৰান্তৰ শিল্পী সকলে তেওঁলোকৰ কলা প্ৰদৰ্শন আৰু তেওঁলোকৰ বন্ধু বৰ্গ পৰিয়াল আৰু অনুৰাগী সকলক মনোৰঞ্জনৰ খোৰাক দিবলৈ যিদৰে ইনষ্টাগ্ৰাম ব্যৱহাৰ কৰিছে সেয়া অতিশয় উৎসাহজনক “। আনহাতে, এই সন্দৰ্ভত জয় ব্ৰেণ্ডৰ মূল গায়ক আৰু সংগীত শিল্পী জয় বৰুৱাই কয়”-অনুৰাগী আৰু অনুগামী সকলৰে সংযোগ স্থাপন কৰিবেলৈ ইনষ্টাগ্ৰাম উপযুক্ত মাধ্যম। ক’ৰণা ভাইৰাছৰ এই প্ৰাদুৰ্ভাৱৰ সময়ত ইনষ্টাগ্ৰাম প্ৰকৃত সংযোগকাৰী হৈ পৰিছে। এই সময়ত সেয়ে “লাইভ ইন ইয়ৰ লিভিং ৰুম”ৰ জৰিয়তে সজীৱ সান্নিধ্যৰ সাক্ষী হ’বলৈ ৰোমাঞ্চিত হৈ পৰিছোঁ”। আনহাতে, নাগালেণ্ডৰ চাৰি ভগ্নীৰ ব্ৰেণ্ড টেটচিঅ ‘ছিষ্টাৰ্ছে এনেকুৱা অনুষ্ঠান কৰিবলৈ পাই আনন্দিত হোৱা বুলি উল্লেখ কৰে।