ইউক্ৰেইনৰ পৰা ভাৰতত পুনৰ উপস্থিত ৪ অসমীয়া শিক্ষাৰ্থী

96

বুধবাৰে যুদ্ধপীড়িত ইউক্ৰেইনৰ পৰা আৰু চাৰিজন অসমীয়া শিক্ষাৰ্থী ভাৰতত উপস্থিত হৈছে। শিক্ষাৰ্থী কেইগৰাকীয়ে আজি পুৱা ইস্তাম্বুলৰ পৰা ফ্লাইট নং ৬ই ১২ৰ জৰিয়তে দিল্লী বিমানবন্দৰত উপস্থিত হৈছে।

আজি উপস্থিত হোৱা ছাত্ৰ-ছাত্ৰীসকলক শিলচৰৰ গুৰপ্ৰীত কৌৰ, কোকৰাঝাৰৰ ধৃতিমান ভিক্টৰ ভূঞা, গুৱাহাটীৰ পঞ্চী মোহন আৰু মাৰ্ঘেৰিটাত জাগুনৰ অনিশা গগৈই বুলি চিনাক্ত কৰা হৈছে। শিক্ষাৰ্থীসকলক দিল্লী বিমানবন্দৰত অসম ভৱনৰ বিষয়াসকলে আদৰি লৈছে।

গুৰপ্ৰীত কৌৰে দিল্লীত তেওঁৰ স্থানীয় অভিভাৱকৰ সৈতে থাকিব। ইফালে, ধৃতিমান, পঞ্চী মোহন আৰু অনিশাক অসম ভৱনত ৰখা হব। কৰ্তৃপক্ষই সেই অনুসৰি শিক্ষাৰ্থীসকলৰ অসমলৈ পৰৱৰ্তী ভ্ৰমণৰ ব্যৱস্থা কৰিব।

ইফালে, মঙলবাৰে ইউক্ৰেইনৰ পৰা দিল্লী বিমানবন্দৰত উপস্থিত হোৱা ১৩ গৰাকী শিক্ষাৰ্থীৰ ভিতৰত ৬ গৰাকী ছোৱালী আজি গুৱাহাটীত উপস্থিত হৈছে।

গুৱাহাটীৰ বৰঝাৰ বিমানবন্দৰত উপস্থিত হোৱা ৬গৰাকী শিক্ষাৰ্থী হৈছে অলিভিয়া ৰাজমেধি, ফাৰ্মি নাছৰিন চুলতানা, প্ৰতীক্ষা গগৈ, কৰিণা বৰা, উদাংশ্ৰী বসুমতাৰী আৰু বাস্তবিকা দাস।

শিক্ষাৰ্থীসকলৰ মতে, অসমৰ বহুতো শিক্ষাৰ্থী এতিয়াও ইউক্ৰেইনত আৱদ্ধ হৈ আছে। তেওঁলোকে কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰক যিমান সম্ভৱ সোনকালে শিক্ষাৰ্থীসকলক স্থানান্তৰ কৰিবলৈ আহ্বান জনাইছিল।