আশ্বৰ্যকৰ! নিজকে আয়কৰ বিষয়া বুলি পৰিচয় কি কনিষ্টবলৰ সৈতে বিয়াত বহিল যুৱতী, দুবছৰ পিছত খোল খালে মুখা

180

উত্তৰ প্ৰদেশৰ কানপুৰত সংঘটিত এক ঘটনাই এতিয়া লাভ কৰিছে তীব্ৰ চৰ্চা। আয়কৰ বিষয়াৰ ভেশ লৈ আৰক্ষী কনিষ্টবলৰ সৈতে বিয়াত বহিল এগৰাকী যুৱতী। ঘটনা পোহৰলৈ অহাৰ পিছতে সৃষ্টি হৈছে প্ৰতিক্ৰিয়াৰ। জানিব পৰা মতে, আচলতে যুৱতীগৰাকীয়ে ফেচবুকৰ জৰিয়তে কনিষ্টবল জিতেন্দ্ৰ গৌতমৰ লগত বন্ধুত্ব কৰিছিল। যুৱতীগৰাকীয়ে আয়কৰ পৰিদৰ্শকৰ অভিনয় কৰি তেওঁৰ সৈতে প্ৰেম বিবাহ কৰে পৰৱৰ্তী সময়ত। তেওঁৰ গোপন কথা পোহৰলৈ অহাত তেওঁ আনকি কনিষ্টবলজনক ভুৱা গোচৰত জড়িত কৰি জেললৈ পঠিয়াব বুলিও ভাবুকি প্ৰদান কৰে। কনিষ্টবল জিতেন্দ্ৰই যেতিয়া আন কোনো বিকল্প বুজিব নোৱাৰিলে, তেতিয়া তেওঁ নিজৰ জ্যেষ্ঠ বিষয়াসকলৰ আগত সমগ্ৰ বিষয়টো বৰ্ণনা কৰি মহিলাগৰাকীৰ বিৰুদ্ধে সাক্ষ্য প্ৰদান কৰে। ইয়াৰ পিছত আৰক্ষী আয়ুক্তই মহিলাগৰাকীৰ বিৰুদ্ধে গোচৰ ৰুজু কৰি গ্ৰেপ্তাৰ কৰিবলৈ নিৰ্দেশ দিয়ে। প্ৰতাৰক কইনাক ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে।

জানক কনিষ্টবল জিতেন্দ্ৰৰ মুখেৰে সমগ্ৰ ঘটনা

ফাজলগঞ্জ আৰক্ষী থানাৰ কনিষ্টবল হিচাপে কৰ্তব্যৰত জিতেন্দ্ৰ গৌতমে কয় যে ২০২১ চনত তেওঁ ফেচবুকত শিৱাংগী ছিছ’দিয়া নামৰ এজনী ছোৱালীক লগ পাইছিল। শিৱাংগীয়ে তেওঁক ক’লে যে তেওঁ এগৰাকী ইনকাম টেক্স অফিচাৰ। ইয়াৰ পিছত তেওঁলোকে লগ হ’বলৈ ধৰিলে। দুয়োজনে ভালদৰে চিনি পোৱাত মহিলাগৰাকীয়ে জিতেন্দ্ৰক বিয়াৰ প্ৰস্তাৱ দিয়ে। ইয়াৰ পিছত ২০২১ চনৰ ১০ ফেব্ৰুৱাৰীত দুয়োৰে বিবাহ হয়। কিছুদিনৰ পাছত জিতেন্দ্ৰই তেওঁক অফিচলৈ নোযোৱাৰ বাবে সন্দেহ কৰিবলৈ ধৰিলে। কিছুদিন পিছত কনিষ্টবল জিতেন্দ্ৰই আধাৰ কাৰ্ড আৰু ভোটাৰ আইডি কাৰ্ডৰ জৰিয়তে মহিলাগৰাকীৰ নাম শিৱাংগী নহয় সবিতা বুলি জানিব পাৰে। জিতেন্দ্ৰই তেতিয়া নিশ্চিত হয় যে আচলতে তেওঁৰ পত্নী কোনো আয়কৰ বিষয়া নহয়। আনহাতে সবিতা ওৰফে শিৱাংগীয়ে পূৰ্বেও ৩ বাৰ বিবাহ পাশত আৱদ্ধ হৈছিল বুলিও জানিব পাৰে জিতেন্দ্ৰই।

জিতেন্দ্ৰই লগতে কয় যে মহিলাগৰাকীয়ে তেওঁক কৈছিল যে বিয়াৰ আগতে আমি আধা টকা দি গাড়ী কিনো। ইয়াৰ বাবেও জিতেন্দ্ৰই দিছিল ৬.৫০ লাখ টকা। শিৱাংগীয়ে বিয়াৰ সময়ত ভাড়া গাড়ী বিচাৰি তেওঁক দেখুৱাই দিয়ে। বিয়া হোৱাৰ লগে লগে গাড়ীখন লৈ গ’ল মদন নামৰ এজন ব্যক্তিয়ে, যাক মহিলাগৰাকীয়ে নিজৰ ভায়েক বুলি অভিহিত কৰিছিল। আশ্চৰ্যজনক কথাটো হ’ল তেওঁৰ লগত বিয়ালৈ অহা মাক-দেউতাকো ভাড়াতীয়া মানুহ আছিল।

ভুৱা গোচৰত জড়িত কৰোৱাৰ ভাবুকি জিতেন্দ্ৰক

জিতেন্দ্ৰই তদন্ত কৰি থাকোঁতে গম পায় যে এই মহিলাগৰাকীৰ সকলো পৰিচয় মিছা। ঝান্সীৰ খুশীপুৰা কছাৰীৰ বাসিন্দা তেওঁ। তেওঁ যি ক’লে বা তেওঁৰ আত্মীয় বুলি চিনাকি কৰাই দিয়া মানুহবোৰ সকলো ভুৱা। ইয়াৰ পিছত তেওঁ শিৱাংগী ওৰফে সবিতাৰ বিৰোধিতা কৰে। এই সন্দৰ্ভত শিৱাংগীয়ে তেওঁক ভুৱা গোচৰত জড়িত কৰিব বুলি ভাবুকি দিছিল।

বিষয়টো গুৰুতৰ হৈ পৰা দেখি জিতেন্দ্ৰই এই সকলোবোৰ নিজৰ জ্যেষ্ঠ বিষয়াসকলক কোৱাটো উচিত বুলি ভাবিলে। ইয়াৰ পিছত সকলো প্ৰমাণ দি শিৱাংগীৰ বিৰুদ্ধে নাজিৰাবাদ থানাত গোচৰ ৰুজু কৰে। ইয়াৰ পিছতে আৰক্ষী আয়ুক্তই নাজিৰাবাদ আৰক্ষীক অভিযুক্ত শিৱাংগীৰ বিৰুদ্ধে ব্যৱস্থা ল’বলৈ নিৰ্দেশ দিয়ে। দেওবাৰে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে শিৱাংগী ওৰফে সবিতাক। আৰক্ষীয়ে শিৱাংগীৰ বিৰুদ্ধে জালিয়াতি, ধন দাবী, হত্যাৰ ভাবুকি আৰু বিবাহ বিচ্ছেদ অবিহনে আন কাৰোবাক বিয়া কৰা আদি ধাৰাত গোচৰ ৰুজু কৰিছে।

অভিযোগ উত্থাপন কৰে অভিযুক্ত মহিলাগৰাকীয়ে

আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা মহিলাগৰাকীয়ে কয় যে তেওঁৰ বিৰুদ্ধে উত্থাপিত সকলো অভিযোগ ভিত্তিহীন। জিতেন্দ্ৰ গৌতমৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰি শিৱাংগী ওৰফে সবিতাই কয় যে তাইৰ বিয়া ঠিক হৈ গ’ল আৰু তাইৰ পিতৃয়ে নিজেই টকা লৈ আমাৰ ওচৰলৈ আহি বিষয়টো মনে মনে আহিছিল। মহিলাগৰাকীয়ে আৰু কয় যে আৰক্ষীয়ে তেওঁক ভুৱা গোচৰত জড়িত কৰিছে।

কি কয় এছ পি সঞ্জয় সিঙে?

এই বিষয়ত এছ পি সঞ্জয় সিঙৰ লগত কথা পতাত তেওঁ কয় যে এগৰাকী মহিলাই ভুৱা আয়কৰ বিষয়াৰ ৰূপ লৈ মানুহক প্ৰতাৰণা কৰিবলৈ চেষ্টা কৰা বুলি অভিযোগ পোৱা গৈছে। এই গোচৰত আৰক্ষীয়ে এই মহিলাগৰাকীক গ্ৰেপ্তাৰ কৰি অধিক তদন্ত অব্যাহত ৰাখিছে।