আমিনগাৱৰ নাৰায়না ছুপাৰ স্পেছিয়েলিটি হাস্পতালত কৰ’না আক্ৰান্ত চিনাক্ত

97

ষ্টাফৰিপৰ্টাৰ ,১৭ জুন : কামৰূপ জিলাৰ উত্তৰ গুৱাহাটী ৰাজহ চক্ৰৰ অন্তৰ্গত আমিনগাঁৱস্হিত নাৰায়না চুপাৰষ্পেচিয়েলিটি হস্পিটালত বুধবাৰে
এগৰাকী কভিড ১৯ পজিটিভ ৰোগী চিনাক্ত হোৱা ঘটনাই চিকিৎসালয় চৌহদটোত আতংকময় পৰিস্থিতিৰ সৃষ্টি কৰিছে । জিলা প্ৰশাসনৰ সুত্ৰই সদৰি কৰা অনুসৰি ডিপ্তী ৰয় নামৰ ৰোগী গৰাকীৰ দেহত ক’ৰোনাৰ অৱস্থিতি চিনাক্ত হৈছে । ১৫ জুনত জেনেৰেল চাৰ্জাৰীৰ বাবে নাৰায়না হস্পিটালত ৰোগী গৰাকী
ভৰ্তী হৈছিল বুলি চিকিৎসালয় কৰ্ত্তৃপক্ষই জানিব দিয়ে ।কৰোনা পজিটিভ ডিপ্তী ৰয়ৰ ঘৰ কামৰূপৰ শিঙৰাত বুলি জানিব পৰা গৈছে । ইতিমধ্যে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হস্পিতাললৈ প্ৰেৰন কৰা হৈছে কৰনা আক্ৰান্ত ডিপ্তী ৰয়ক । কৰ’না আক্ৰান্ত ৰোগী গৰাকীৰ সংস্পৰ্শত অহা
চিকিৎসালয়খনৰ ২৯ গৰাকী চিকিৎসক- স্বাস্থ্য কৰ্মীক কামৰূপ জিলা প্ৰশাসনে
কোৱাৰান্টাইন কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিছে । চিকিৎসালয়খনত কামৰূপ জিলাৰ অতিৰিক্ত উপায়ুক্ত গুণজিৎ ৰায়চৌধুৰী উপস্থিত হৈ চিকিৎসালয় খনৰ দ্বিতীয় মহলা কনটেইন্টমেন জ’ন হিচাপে ঘোষনা কৰে।
কন্টেইনমেন্ট জন ঘোষনা কৰাৰ ক্ষেত্ৰত জিলা প্ৰশাসনে পৰ্যায় ক্ৰমে স্হান বৃদ্ধি কৰা হব পাৰে বুলিও অতিৰিক্ত উপায়ুক্ত গৰাকীয়ে সংবাদ মাধ্যমক জানিব দিয়ে। কৰোনা আক্ৰান্ত ৰোগী গৰাকীৰ সংস্পৰ্শত অহা ৫ গৰাকী চিকিৎসক, ২৩ গৰাকী নাৰ্চ স্বাস্থ্য- কৰ্মী আৰু এগৰাকী চিকিৎসালয়খনৰ প্ৰশাসনীয় বিষয়াক কোৱাৰান্টাইন কৰা হৈছে বুলিও অতিৰিক্ত উপায়ুক্ত গৰাকীয়ে সদৰি কৰে ।
দৈনিক হাজাৰ হাজাৰ ৰোগী চিকিৎসাৰ বাবে অহা চিকিৎস্যালয়খনিত কৰ’না আক্ৰান্ত চিনাক্ত হোৱাত অঞ্চলজুৰি
আতঙ্কই বিৰাজ কৰিছে ।