ষ্টাফৰিপোৰ্টাৰ, ৪ এপ্ৰিলঃ মহামাৰী কোৰোনাত আতংকিত হৈ প্ৰধানমন্ত্ৰীয়ে জনোৱা ২১ দিনীয়া লক ডাউন আহ্বানলৈ পূৰ্ণ সহযোগিতা আগবঢ়াই গৃহবন্দী হৈ আছে আমগুৰিৰ ভূঞাহাটবাসী ৰাইজ৷ কৃষিপ্ৰধান অঞ্চলটোত বহু ৰাইজৰে চাউলমুঠিৰ যোগাৰ আছে যদিও আন বহুতৰে সেইকণো নাই৷ বিশেষকৈ জাঁজী নৈ পাৰৰ খেতি বাতি হীন দৈনিক হাজিৰা কাম কৰি পৰিয়াল পোহপাল দিয়া দৰিদ্ৰ ৰাইজৰ বাবে দুবেলা দুমুঠি যোগাৰ কৰাতো কষ্টসাধ্য হৈ পৰিছে৷ আজি এইসকল ৰাইজৰ লগতে ভূঞাহাটৰ অতি দৰিদ্ৰ বহুকেইটা পৰিয়ালৰ মাজত খাদ্য সামগ্ৰী বিতৰণ কৰে শিৱসাগৰ লায়নচ ক্লাৱে৷ আমগুৰি চক্ৰ বিষয়া ৰিতুৰাজ বৰদলৈৰ আহ্বানত স্বেচ্ছাসেৱী অনুষ্ঠানটোৰ বিষয়াসকলে ৰাইজৰ মাজত চাউল, দাইল, আলু, নিমখ, মিঠাতেল, আটাকে ধৰি বহুকেইপদ নিত্য প্ৰয়োজনীয় খাদ্য সামগ্ৰী বিতৰণ কৰে৷ স্হানীয় অধ্যাপক প্ৰাঞ্জল প্ৰতিম বড়া আৰু মনোজ জগানি, সুভম আগৰৱালা, সিদ্ধান্ত চাহেৱালা, ড° পংকজ বিহানি, নীৰজ আগৰৱালা, প্ৰদীপ গোৱেল, অংকুশ গোৱেল প্ৰমুখ্যে লাইনচ ক্লাৱৰ বিষয় ববীয়াই আমগুৰি প্ৰশাসনৰ সহযোগত আগবঢ়োৱা এই সেৱাত ষ্হানীয় ৰাইজে শলাগ লৈছে৷ চক্ৰ বিষয়াৰ সহিতেএইসকল ব্যক্তিয়ে পুৱা ভাগত আমগুৰি পৌৰসভাৰ এলেকাৰ জ্যোতি নগৰতো ৰাইজৰ মাজতো খাদ্য সামগ্ৰী বিতৰণ কৰে৷
Latest article
দেশত ৱাকফৰ আছে ৯.৪ লাখ একৰ ভূমি
বহু চৰ্চিত ৱাকফ সংশোধনী বিধেয়কখন লোকসভাৰ পিছত ৰাজ্যসভাত গৃহীত হয়। বিধেয়কখনক ইউনাইটেড ৱাকফ মেনেজমেণ্ট এমপাৱাৰমেণ্ট, এফিচিয়েন্সি এণ্ড ডেভেলপমেণ্ট এক্ট, ১৯৯৫ বুলি কোৱা হয়। নতুন...
আজাৰাত বি এছ এফৰ গুৱাহাটী ফ্ৰন্টিয়াৰত পেন্সন আদালত সম্পন্ন
মহানগৰীৰ পশ্চিম প্ৰান্তৰ আজাৰা পাটগাঁওত থকা সীমান্ত নিৰাপত্তা বাহিনী (বি এছ এফ) ৰ গুৱাহাটী ফ্ৰন্টিয়াৰ মুখ্য কাৰ্যালয়ত আজি দিনযোৰাকৈ পেন্সন আদালত অনুষ্ঠিত হয়। সিদিনা...
বিশ্ব স্বাস্থ্য দিৱস : উন্নত পুষ্টিৰ বাবে আলমণ্ডৰ উপকাৰিতাৰ ওপৰত বিশেষজ্ঞসকলৰ বিশেষ আলোকপাত
ভাৰতে ৭ এপ্ৰিলত বিশ্ব স্বাস্থ্য দিৱসৰ বাবে সাজু হোৱাৰ সময়ছোৱাত পুষ্টি আৰু স্বাস্থ্যসন্মত জীৱনশৈলীৰ পছন্দৰ ওপৰত চৰ্চা চলিছে। বিশেষজ্ঞ আৰু তাৰকাসকলে হৃদৰোগৰ অৱস্থা, ওজন...