আত্মনিৰ্ভৰ অসম: গুৱাহাটীত স্বাস্থ্যসন্মত মাংস, দুগ্ধজাত সামগ্ৰীৰ বিপনী মুকলি মন্ত্ৰী অতুল বৰাৰ

97

গুৱাহাটী:- অসম চৰকাৰৰ আত্মনিৰ্ভৰ অসম কাৰ্য্যসূচীৰ আধাৰত অসম পশুধন নিগমে আৰম্ভ কৰা ‘পথাৰো আমাৰ বজাৰো আমাৰ’ শীৰ্ষক পদক্ষেপ অনুসৰি আজি গুৱাহাটীৰ বামুণীমৈদামৰ অনুৰাধা চিনেমা হ’লৰ সমীপত এখনি স্বাস্থ্যসন্মত মাংস আৰু দুগ্ধজাত সামগ্ৰীৰ বিপনী মুকলি কৰে অসম চৰকাৰৰ কৃষি আৰু পশুপালন মন্ত্ৰী অতুল বৰাই।

উদ্বোধনী অনুষ্ঠাত ভাষণ প্ৰদান কৰি মন্ত্ৰী বৰাই কয় যে, পশুধন নিগমে ৰাজ্যজুৰি আৰম্ভ কৰা এই কাৰ্য্যসূচীৰ জৰিয়তে যুৱক-যুৱতীসকল বিশেষভাৱে লাভৱান হোৱাৰ লগতে ৰাজ্যৰ অৰ্থনৈতিক বুনিয়াদো শক্তিশালী হ’ব।

মন্ত্ৰী বৰাই বিভাগৰ বিভিন্ন আচঁনিৰ দ্বাৰা স্বাৱলম্বী হ’বলৈ ৰাজ্যখনৰ যুৱক-যুৱতীসকলক আহ্বান জনায়। অনুষ্ঠানত উপস্থিত থাকি অসম পশুধন নিগমৰ অধ্যক্ষ মনোজ শইকীয়াই এই কাৰ্যসূচীত জড়িত হ’বলৈ ৰাজ্যখনৰ বিভিন্ন জিলাৰ বহু যুৱক-যুৱতী আগবাঢ়ি অহা বুলি মন্তব্য কৰি ইতিমধ্যে গুৱাহাটীত এনে ৭ খন বিপনী মুকলি কৰা হৈছে বুলি জানিবলৈ দিয়ে আৰু আগষ্ট মাহৰ ভিতৰত আৰু ৫০ খন বিপনী মুকলি কৰা হ’ব বুলি উল্লেখ কৰে।

অনুৰূপ ধৰণে অন্যান্য জিলাতো এই বিপনীসমূহ মুকলি কৰা হ’ব আৰু বিভিন্ন আচঁনিৰ জৰিয়তে পাম খুলিবলৈও সকলো ধৰণৰ সহযোগিতা আগবঢ়োৱা হ’ব বুলি মন্তব্য কৰে।

অনুষ্ঠানত নিগমৰ প্ৰশাসনীয় বিষয়া ডা০ পূৰ্ণানন্দ কোৱঁৰ আৰু অঞ্চলটোৰ বহু কেইগৰাকী জ্যেষ্ঠলোকৰ লগতে যুৱক-যুৱতী উপস্থিত থাকে।