আজি মেঘালয়ত নিৰ্বাচনী প্ৰচাৰ চলাব কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে…

134

বুধবাৰে নিৰ্বাচনমুখী মেঘালয়ত কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে প্ৰথম নিৰ্বাচনী সভাত অংশ লব।

শ্বিলঙৰ মালকী খেলপথাৰত অনুষ্ঠিত হ’ব প্ৰাক্তন কংগ্ৰেছ অধ্যক্ষৰ এই জনসভা। ভাৰত জোড়ো যাত্ৰাৰ পিছত এয়া হ’ব ৰাহুল গান্ধীৰ প্ৰথম ৰাজহুৱা উপস্থিতি।

উল্লেখযোগ্য যে ১৬ ফেব্ৰুৱাৰীত ভোটগ্ৰহণ অনুষ্ঠিত হোৱা ত্ৰিপুৰাত দলটোৰ বাবে প্ৰচাৰ অভিযানৰ পৰা বিৰত আছিল ৱায়ানাদৰ সাংসদগৰাকী।

মঙলবাৰেহে দলৰ অধ্যক্ষ মল্লিকাৰ্জুন খৰ্গে নাগালেণ্ডত নিৰ্বাচনী সভাত ভাষণ দিয়াটো বাদে এতিয়ালৈকে উত্তৰ-পূবৰ নিৰ্বাচনমুখী তিনিখন ৰাজ্য ত্ৰিপুৰা, মেঘালয় আৰু নাগালেণ্ডত প্ৰচাৰ ক্ষেত্ৰৰ পৰা অনুপস্থিত হৈ আছে কংগ্ৰেছৰ শীৰ্ষ নেতৃত্ব।

অৱশ্যে ত্ৰিপুৰাৰ প্ৰচাৰ অভিযানৰ পৰাও নিৰুদ্দেশ হৈছিল খৰ্গে।

মঙলবাৰে নাগালেণ্ডৰ চুমৌকেডিমাত এক সভাত ভাষণ দি মল্লিকাৰ্জুন খৰ্গে ভাৰতীয় জনতা পাৰ্টিৰ ওপৰত ধাৰাবাহিক আক্ৰমণ চলাই কয় যে দল আৰু মিত্ৰশক্তিয়ে ৰাজ্যখন লুণ্ঠন কৰিছে।

২৭ ফেব্ৰুৱাৰীত মেঘালয় আৰু নাগালেণ্ড দুয়োখন ৰাজ্যতে ভোটগ্ৰহণ অনুষ্ঠিত হোৱাৰ বিপৰীতে ২ মাৰ্চত ভোটগ্ৰহণ অনুষ্ঠিত হ’ব।