আজি প্ৰয়াত সাংবাদিক পৰাগ কুমাৰ দাসৰ ২৫ সংখ্যক মৃত্যু বাৰ্ষিকী

137

এদিন দুদিন কৰি ২৫টা বছৰ অতিক্ৰম কৰিলে বলিষ্ঠ সাংবাদিক, মানৱ অধিকাৰ কৰ্মী পৰাগ কুমাৰ দাসৰ হত্যাকাণ্ডই। ১৯৯৬ চনৰ আজিৰ দিনটোতে চানমাৰিৰ ৰাজগড় লিংকস্থিত অসম জাতীয় বিদ্যালয়ৰ পৰা পুত্ৰক নিবলৈ অহাৰ সময়ত ১৩টা গুলীৰে দুৰ্বৃত্তই থকা সৰকা কৰিছিল পৰাগ কুমাৰ দাসক।

কলমৰ শক্তিৰে অন্যায়ৰ প্ৰতিবাদ কৰা বলিষ্ঠ, সাহসী সাংবাদিক পৰাগ কুমাৰ দাসে পিছে আজিও ন্যায় নাপালে। আজিও কৰায়ত্ব নহ’ল সাংবাদিকগৰাকীৰ হত্যাকাৰী। আজি তেওঁৰ ২৫ বৰ্ষীয় মৃত্যু বাৰ্ষিকীত প্ৰয়াত সাংবাদিকগৰাকীক পুনৰ এবাৰ স্মৰণ কৰিছে ৰাজ্যবাসীয়ে। কোভিড প্ৰটকলৰ মাজতে আজি ৰাজ্যৰ বিভিন্ন প্ৰান্তত প্ৰয়াত সাংবাদিকগৰাকীৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ কৰি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে অগণন লোকে।