আকৌ আহিব জনপ্ৰিয় ম’বাইল গেম PUBG!

98

PUBG Corporation–এ বিজ্ঞপ্তিত কৈছে যে PUBG Corporation–এ চৰকাৰে লোৱা ব্যৱস্থাক সম্পূৰ্ণৰূপে উপলব্ধি কৰিছে আৰু সন্মান জনায়। কিয়নো খেলুৱৈৰ তথ্যৰ গোপনীয়তা আৰু নিৰাপত্তা কোম্পানীৰ বাবে সকলোতকৈ গুৰুত্বপূৰ্ণ।

লগতে এয়াও নিশ্চিত হৈছে যে ভাৰতত PUBG Mobileৰ ওপৰত Tencent Gamesৰ কন্ট্র’ল নোহোৱা কৰি ইয়াৰ সকলো পাব্লিছিং দায়িত্ব পাবজি কৰ্প’ৰেচনৰ হাতলৈ আহিব। ইয়াৰ অৰ্থ হ’ল দক্ষিণ কোৰিয়াৰ গেমিং কোম্পানীয়ে ইয়াৰ দায়িত্ব ল’ব, আৰু এয়া হ’লে শীঘ্ৰে দেশত পাবজিৰ নিষেধাজ্ঞা আঁতৰোৱা হ’ব পাৰে।

বিগত সপ্তাহত ১১৮টা চীনা এপ নিষিদ্ধ ঘোষণা কৰিছে ভাৰত চৰকাৰে। ইয়াৰ ভিতৰত আছে জনপ্ৰিয় গেম পাবজি। কিন্তু পাবজি খেলি ভাল পোৱাসকলৰ বাবে আছে এটা ভাল খবৰ। পাবজি কৰ্প’ৰেচনে এক অফিচিয়েল বিজ্ঞপ্তি জাৰি কৰিছে। বিজ্ঞপ্তিত কোৱা হৈছে যে পাবজি নিষিদ্ধ কৰাৰ সমগ্ৰ বিষয়টোৰ ওপৰত সক্ৰিয়ভাৱে বিবেচনা কৰি থকা হৈছে।

পাবজি মোবাইল, Playrunknown’s Battlegrounds (PUBG)ৰ মোবাইল ভাৰ্ছন আৰু ইয়াক দক্ষিণ কোৰিয়াৰ গেমিং কোম্পানীৰ দ্বাৰা ডেভেলপ কৰা হৈছে।

উল্লেখযোগ্য যে পাবজি মোবাইল আৰু পাবজি মোবাইল লাইটৰ ফ্ৰেনচাইজী চীনৰ সৰ্ববৃহৎ গেমিং কোম্পানী Tencentৰ হাতত আছে। পাবজি মোবাইল আৰু পাবজি মোবাইল লাইট দুয়োটা পাবজি কৰ্প’ৰেচন আৰু Tencent–এ মিলি প্ৰস্তুত কৰিছে।