“আইনা” উদ্যোগত দুখীয়া লোকৰ মাজত খাদ্য সামগ্ৰী বিতৰণ

90

ষ্টাফৰিপোৰ্টাৰ,১২ এপ্ৰিল :: সদৌ অসম গৰিয়া-মৰিয়া-দেশী জাতীয় পৰিষদৰ কেন্দ্ৰীয় কাৰ্যকৰী সভাপতি নুৰুল হকে (ৰিণ্টু) দেওবাৰে লকডাউনত আৱদ্ধ হৈ সম্পূৰ্ণৰূপে জুৰুলা হোৱা কেব চালকসকলক কিছু পৰিমাণে সহায় কৰিবলৈ আগবাঢ়ি আহে। পৰিয়াল পোহ পাল দিয়া এইসকল লোকৰ জীৱনলৈ লকডাউনৰ ফলত এক অস্থিৰতাই দেখা দিছে, এই কথা চিন্তা কৰা মানুহ খুব কমেই দেখিবলৈ পোৱা যাব। “আইনা” বেচৰকাৰী সংস্থাৰ মুৰব্বী মীৰা বৰঠাকুৰেও কেবচালকসকললৈ এই দুৰ্যোগৰ সময়ছোৱাত সকাহ দিবলৈ কিছু পৰিমাণে সামগ্ৰী যোগান ধৰে। সদৌ অসম গৰিয়া-মৰিয়া-দেশী জাতীয় পৰিষদৰ গুৱাহাটী মহানগৰ জিলা সমিতিৰ বিষয়ববীয়া কৰ্মীসকলে সম্পূৰ্ণ সহযোগ আগবঢ়াই বিতৰণৰ ব্যৱস্থা কৰে বুলি পৰিষদৰ গুৱাহাটী মহানগৰ জিলা সমিতিৰ ভাৰপ্ৰাপ্ত সভাপতি আৰু অল আছাম কেব অপাৰেটৰ্ছ ইউনিয়নৰ সভাপতি ইছমাইল আলীয়ে সংবাদ মাধ্যমক এক বিবৃতি যোগে জনায়।