অৱশেষত পদত্যাগ কৰ্ণাটকৰ মুখ্যমন্ত্ৰী বি এছ য়েদেয়ুৰাপ্পাৰ

95

ডিজিটেল ডেস্কঃ সকলো জল্পনা-কল্পনাৰ অন্ত পেলাই অৱশেষত পদত্যাগ কৰিলে কৰ্ণাটকৰ মুখ্যমন্ত্ৰী বি এছ য়েদেয়ুৰাপ্পাই। দুবছৰীয়া কাৰ্যকালৰ অন্ত পেলাই সোমবাৰে পুৱা ৰাজ্যপালক পদত্যাগ পত্ৰ অৰ্পণ কৰে য়েদেয়ুৰাপ্পাই। টুইটযোগে তেওঁ নিজৰ পদত্যাগৰ কথা জানিবলৈ দি কয় যে তেওঁ দুমাহ পূৰ্বেই পদত্যাগৰ সিদ্ধান্ত লৈছিল।

উল্লেখ্য যে, বিজেপি নেতৃত্বৰ সৈতে বিগত কিছু দিনৰ বৃদ্ধি পোৱা য়েদেয়ুৰাপ্পাৰ সংঘাতৰ পৰিণতিতে তেওঁ মুখ্যমন্ত্ৰী পদ ত্যাগ কৰিবলগা হৈছে বুলি চৰ্চা চলিছে। খবৰ অনুসৰি, মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণৰ পিছতে য়েদেয়ুৰাপ্পাৰ বিৰুদ্ধে কৰ্ণাটক বিজেপিৰ কেইবাগৰাকীও নেতা আৰু মন্ত্ৰীয়ে বিজেপি নেতৃত্বক অভিযোগ দাখিল কৰিছিল। যাৰ বাবে দলীয় নেতৃত্বৰ সৈতে দূৰত্ব বৃদ্ধি পাইছিল মুখ্যমন্ত্ৰীগৰাকীৰ।

ইফালে য়েদেয়ুৰাপ্পাৰ পদত্যাগৰ পিছত কৰ্ণাটকৰ শাসন ভাৰ বিজেপি নেতৃত্বই কাৰ হাতত অৰ্পণ কৰিব সেয়া এতিয়াও স্পষ্ট হোৱা নাই।