অহা সপ্তাহত গঠন হব তালিবানী চৰকাৰ, মোল্লা বাৰাদাৰে লাভ কৰিব পাৰে নেতৃত্ব

149

আফগানিস্তানত নতুন চৰকাৰ গঠনৰ দিন এসপ্তাহ পিছুৱাই দিয়া হৈছে। এই সন্দৰ্ভত তালিবানৰ দ্বাৰা এটা আনুষ্ঠানিক বিবৃতি জাৰি কৰা হৈছে। চৰকাৰ গঠনসন্দৰ্ভত শনিবাৰে অনুষ্ঠিত হোৱা বৈঠকৰ পিছত তালিবান নেতাসকলে কয় যে চৰকাৰ গঠনৰ লগে লগে চৰকাৰত দায়িত্ব লাভ কৰা নামসমূহ প্ৰকাশ কৰা হ’ব। তালিবানৰ সহ-প্ৰতিষ্ঠাপক মোল্লা বাৰাদাৰে নতুন চৰকাৰৰ নেতৃত্ব দিব বুলি আশা কৰা হৈছে।

তালিবান সূত্ৰই জনোৱা মতে, দোহাৰ তালিবানৰ ৰাজনৈতিক কাৰ্যালয়ৰ অধ্যক্ষ মোল্লা আব্দুল গনি বাৰাদাৰক শীঘ্ৰেই চৰকাৰৰ মুৰব্বীৰূপে ঘোষণা কৰা হ’ব। তালিবানৰ প্ৰতিষ্ঠাপক মোল্লা ওমৰৰ পুত্ৰ মোল্লা মহম্মদ জেকব আৰু শ্বেৰ মহম্মদ আব্বাছ ষ্টাঙ্কজাইৰ সৈতে মোল্লা বাৰাদাৰেও চৰকাৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব। তালিবান তথ্য আৰু সংস্কৃতি আয়োগৰ জ্যেষ্ঠ বিষয়া মুফতি ইনামুল্লা চামঙ্গনীয়ে কয় যে চৰকাৰ গঠনৰ উদ্দেশ্যে সকলো শীৰ্ষ নেতা কাবুলত উপস্থিত হৈছে আৰু নতুন চৰকাৰ ঘোষণা কৰাৰ প্ৰস্তুতি চূড়ান্ত পৰ্যায়ত আছে। কেবিনেট সন্দৰ্ভত কিছু প্ৰয়োজনীয় আলোচনাৰ পিছতে অহা সপ্তাহত গঠন কৰা হব তালিবানী চৰকাৰ।