অসম চৰকাৰৰ স্বাস্থ্য মন্ত্ৰীৰ আহ্বান মৰ্মে তথা সামাজিক দায়বদ্ধতা অনুধাৱন কৰি ৮০ টা পৰিয়ালক সাহাৰ্য্য প্ৰদান

104

ষ্টাফৰিপোৰ্টাৰ, ১০ এপ্ৰিল :: অসম চৰকাৰৰ স্বাস্থ্য মন্ত্ৰীৰ আহ্বান মৰ্মে তথা সামাজিক দায়বদ্ধতা অনুধাৱন কৰি শুকুৰবাৰে কেইজন চৰকাৰী কৰ্মচাৰীয়ে কৰুৱাৰ কলিতাপাৰা গাঁৱৰ লক ডাউনত আবদ্ধ হৈ থকা প্ৰায় ৮০ টা পৰিয়ালক কিঞ্চিত সাহাৰ্য্য আগবঢ়ায় । লগতে সমগ্ৰ বিশ্বতে সংহাৰী ৰূপ ধাৰণ কৰা এই মহামাৰীৰ কৱলৰ পৰা মানৱ জাতিক ৰক্ষা কৰিবলৈ ঈশ্বৰক প্ৰাৰ্থনা জনায় । এই কাৰ্যসূচীত অংশগ্ৰহণ কৰা কৰ্মচাৰী সকল ক্ৰমে উমেশ ডেকা
(অসম আৰক্ষী বিভাগ),
কৃষ্ণ ডেকা (কলিতাপাৰা হাইস্কুল), মহীকান্ত ডেকা
(কলিতাপাৰা হাইস্কুল), ফনিধৰ ডেকা
(জল পৰিবহন বিভাগ), ধীৰাজ বড়া
(বাঁহগড়া-গনেশকুঁৱৰী জনজাতীয় হাইস্কুল), দেৱজিৎ ডেকা
(ভাৰতীয় ডাক বিভাগ), প্ৰহ্লাদ ডেকা
(চমুৱাপাৰা অনুঃ প্ৰাথমিক বিদ্যালয়), লাচিত কলিতা
(কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনী), জ্যোতি ডেকা
(অসম আৰক্ষী বিভাগ), নিকুঞ্জ কলিতা
(ভাৰতীয় ডাক বিভাগ)।