ষ্টাফৰিপোৰ্টাৰ, ১৪ এপ্ৰিল :: মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে মঙলবাৰে তেওঁৰ ডিব্ৰুগড়ৰ নিজা বাসভাৱনত সাংবাদিক সকলক সম্বোধন কৰি অসমবাসীলৈ ৰঙালী বিহুৰ শুভেচ্ছা জনাই। লগতে সকলোকে নিৰোগী হৈ থকাৰ বাবে ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা জনায়।তেওঁ ৩ মে লৈ সকলোকে লকডাউনৰ সকলো নিয়ম নীতি নিষ্ঠাৰে পালন কৰিবলৈ আহ্বান জনায়।তেওঁ লগতে কয় ‘প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সময়ে সময়ে লোৱা বলিষ্ঠ সিদ্ধান্তৰ বাবে আজি এই মহামাৰীৰ সংকটৰ সময়তো অন্য উন্নত দেশৰ তুলনাত, আমাৰ দেশ স্থিৰ দেখা গৈছে। তেওঁ কয়, কোনোৱে যেন এই lockdown কাৰ্য্যসূচীক ল’ৰা-ধেমালী বুলি উপলুঙা নকৰে, ইয়াক অত্যন্ত গম্ভীৰ আৰু গুৰুত্ব সহকাৰে ল’বলৈ ৰাইজক আহ্বান জনায়। এই সময়ছোৱাত যিয়ে য’ত আছে, তাতেই থাকি, সামাজিক দূৰত্ব বার্তাই ৰাখি কৰোনা ভাইৰাছৰ সংক্ৰমণৰ পৰা নিজকে ৰক্ষা কৰি সতৰ্ক হৈ চলিবলৈ কয়। লগতে তেওঁ কয় “লকডাউন সম্পৰ্কে কাইলৈ কেন্দ্ৰীয় চৰকাৰৰ পৰা যি গাইডলাইন আহিব সেই মতে ৰাজ্য চৰকাৰে কাম কৰিব বুলি ইতিমধ্যে কেইদিনমান আগতে হৈ যোৱা কাউন্সিল অৱ মিনিষ্টাৰ ৰ সভাতেই সিদ্ধান্ত গ্ৰহণ কৰা হয়।”
Latest article
১৩ এপ্ৰিলত ৰাজস্থান ৰয়েলছৰে মুখামুখি আৰচিবি
ৰাজস্থান ৰয়েলছ আৰু ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰু (আৰচিবি)য়ে দেওবাৰে ইয়াত ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ (আই পি এল)ৰ খেলখনত জয়ৰ পথলৈ উভতি আহিবলৈ চেষ্টাৰে অবতীৰ্ণ হোৱাত প্ৰাৰম্ভিক...
২০৩১ৰ এছিয়ান কাপ আয়োজনৰ ইচ্ছা প্ৰকাশ অল ইণ্ডিয়া ফুটবল ফেডাৰেশ্যনৰ
অল ইণ্ডিয়া ফুটবল ফেডাৰেশ্যনে (এআইএফএফ) শুকুৰবাৰে কয় যে তেওঁলোকে শীৰ্ষ স্তৰৰ ফুটবল প্ৰতিযোগিতা এএফচি এছিয়ান কাপ ২০৩১ আয়োজন কৰিবলৈ আগ্ৰহৰ অভিব্যক্তি দাখিল কৰিছে।সাতখন দেশৰ...
মন্ত্ৰী সৰ্বানন্দ সোণোৱালে শুভাৰম্ভ কৰিলে ৬৭.৭৭ কোটি টকীয়া সামুদ্ৰিক শিক্ষা প্ৰকল্পৰ, কেন্দ্ৰীয় চৰকাৰৰ আধুনিকীকৰণৰ...
কেন্দ্ৰীয় বন্দৰ, জাহাজ আৰু জলপথ বিভাগৰ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে মঙলবাৰে ভাৰতীয় সামুদ্ৰিক বিশ্ববিদ্যালয় (আইএমইউ) কোচি চৌহদত ছাত্ৰীৰ ছাত্ৰাবাসৰ আধাৰশিলা স্থাপন কৰে আৰু আন ৬টা...