ষ্টাফৰিপৰ্টাৰ, অসমত ২৬ ৰ পৰা ২৯ জুলাই পৰ্যন্ত পুনৰ ধাৰাসাৰ বৰষুণে বান পৰিস্থিতিক অধিক ভয়াৱহ কৰি তুলিব। কেন্দ্ৰীয় বতৰ বিজ্ঞান কেন্দ্ৰই প্ৰকাশ কৰিছে এই আগজাননী। বতৰ বিজ্ঞান কেন্দ্ৰই প্ৰকাশ কৰা তথ্য অনুসৰি অসমকে ধৰি বান বিধ্বস্ত বিহাৰ,উত্তৰাখণ্ড,উত্তৰ প্ৰদেশ,হিমাচল প্ৰদেশ আদি ৰাজ্য সমূহত ২৬-২৯ জুলাইলৈ ধাৰাসাৰ বৰষুণ হ’ব। সম্প্ৰতি অসমৰ ২৭ খন জিলাই এতিয়া বানৰ কৱলত পৰিছে। বানত শেহতীয়াকৈ মৃত্যু ঘটিছে ৯৬ গৰাকী লোকৰ। ২৭ খন জিলাৰ ২৫৪৩ খন গাঁৱত লাখ লাখ লোকে বানপানীৰ সৈতে সহাৱস্থান কৰিব লগীয়া হৈছে। বানত ক্ষতিগ্ৰস্ত হৈছে ১২২,৫৭৩ হেক্টৰ কৃষি ভূমি।