অভয়াপুৰীত ডকাইতি কৰিবলৈ গৈ আটক খোদ আৰক্ষী জোৱান

169

এইবাৰ ডকাইতিত নামিল খোদ আৰক্ষীৰ জোৱান। অভয়াপুৰীৰ দেওহাটীত সংঘটিত ডকাইতি কাণ্ডত জড়িত এজন আৰক্ষী জোৱানসহ ৪ জনক আটক কৰিছে আৰক্ষীয়ে।

দেওহাটী ৰে’লৱে ক্ৰছিঙত চিমেণ্ট কঢ়িওৱা AS 17B 0259 আৰু AS 17B 2392 নম্বৰৰ দুখন ১২ চকীয়া ট্ৰাক ৰখাই ডকাইতি কাৰ্য কৰি থকা অৱস্থাত আৰক্ষীয়ে হাতে–লোটে কৰায়ত্ত কৰে আৰক্ষী জোৱানসহ ৪ জন যুৱকক।

ধৃত যুৱককেইজন অভয়াপুৰী দেওহাটীৰ কন্দৰ্প দেৱ, সুৰজিৎ ৰায়, মুনীন্দ্ৰ ৰায় আৰু লীলাৱন্ত দেৱ বুলি জানিব পৰা গৈছে।
উল্লেখ্য যে, ধৃত কন্দৰ্প দেৱ 22 IRBNৰ জোৱান। কলগাছিয়াৰ পৰা যোগীঘোপা অভিমুখী ট্ৰাক দুখনক যুৱকৰ দলটোৱে আগভেটি ধৰি ধন দাবী কৰিছিল৷

ট্ৰাকচালকে ধন আদায় দিবলৈ অসন্মতি প্ৰকাশ কৰাত চিমেণ্টৰ বস্তাসমূহ লৈ পলায়নৰ চেষ্টা চলাইছিল৷ সম্প্ৰতি দীপাংকৰ ৰায় নামৰ আন এজন যুৱক পলাতক অৱস্থাত আছে৷